অসম

assam

কীৰ্ত্তনপাৰাৰ এগৰাকী মহিলাৰ জীৱন সংগ্ৰাম

By

Published : May 21, 2021, 7:49 PM IST

প্ৰভাতী আৰ্য্য নামৰ এগৰাকী মহিলাৰ জীৱন সংগ্ৰাম ৷ ৰুগীয়া স্বামীক চিকিৎসাৰ লগতে ৫ জনীয়া পৰিয়ালটোক পোহপাল দিয়াৰ বাবে কাপোৰ বিক্ৰী কৰি পৰিয়ালক যোগান ধৰি আহিছে এমুঠি আহাৰ আৰু অন্ন বস্ত্ৰৰ ।

female-cloth-seller-at-kirtanpara
কীৰ্ত্তনপাৰাৰ এগৰাকী মহিলাৰ জীৱন সংগ্ৰাম

বঙাইগাঁও, 21 মে’: উত্তৰ অভয়াপুৰী সমষ্টিৰ কীৰ্ত্তনপাৰাত এগৰাকী মহিলাৰ জীৱন সংগ্ৰাম । গাঁৱে গাঁৱে চাইকেল মাৰি কাপোৰৰ ব্যৱসায়ত জড়িত হৈছে মহিলা গৰাকী । বঙাইগাঁও জিলাৰ বৰঘোলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত কীৰ্ত্তনপাৰা গাঁৱৰ এইৰাকী মহিলাৰ জীৱন সংগ্ৰামৰ কথা এতিয়া সৰ্বত্ৰে হৈছে চৰ্চিত। প্ৰভাতী আৰ্য্য নামৰ মহিলা গৰাকীয়ে ৰুগীয়া স্বামীক চিকিৎসাৰ লগতে ৫ জনীয়া পৰিয়ালটোক পোহপাল দিয়াৰ বাবে ৰাতিপুৱাৰ পৰা চাইকেল মাৰি গাঁৱে গাঁৱে কাপোৰ বিক্ৰী কৰে।

কীৰ্ত্তনপাৰাৰ এগৰাকী মহিলাৰ জীৱন সংগ্ৰাম

উল্লেখ্য যে, মহিলাগৰাকীৰ স্বামী লালন আৰ্য্য দীৰ্ঘদিন ধৰি পেৰালাইচিচত আক্ৰান্ত হৈ শয্যাশায়ী হৈ আছে । স্বামীৰ চিকিৎসাৰ লগতে ৩ গৰাকী সন্তানক এমুঠি আহাৰ আৰু অন্ন বস্ত্ৰৰ বাবে মহিলাগৰাকীয়ে চলাইছে এই সংগ্ৰাম । আৰ্থিকভাৱে দুৰ্বল মহিলা গৰাকীয়ে দিনটো কাপোৰ বিক্ৰী কৰি পোৱা সামান্য ধনেৰে আবেলি ঘৰলৈ উভতাৰ সময়ত বজাৰৰ পৰা সামগ্ৰী ক্ৰয় কৰি আনি পৰিয়ালটোক কোনোমতে দি আহিছে পোহপাল । মহিলা গৰাকীৰ এই জীৱন সংগ্ৰামে এতিয়া সৰ্বত্ৰে লাভ কৰিছে চৰ্চা ।

লগতে পঢ়ক : দুদিনীয়া ভ্ৰমণসূচীৰে ডিমাপুৰত উপস্থিত জেনেৰেল এম এম নাৰাভানে

ABOUT THE AUTHOR

...view details