ETV Bharat / state

নলবাৰীত 22 বিধ ব্যঞ্জন উদৰ পূৰাই খাব মুখ্যমন্ত্ৰী-মন্ত্ৰীয়ে - CABINET MEETING IN NALBARI

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 3:20 PM IST

Food items in Nalbari cabinet meeting : ৰাজ্যবাসীৰ কল্যাণৰ বাবে কেবিনেট বৈঠকত কি কি সিদ্ধান্ত লৈছে সেয়া এতিয়াও ঘোষণা হোৱা নাই ৷ অৱশ্যে বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী-মন্ত্ৰীয়ে কি কি খাব সেই তালিকা হৈ পৰিছে চৰ্চিত ৷

CABINET MEETING IN NALBARI
22 বিধ ব্যঞ্জন উদৰ পূৰাই খাব মুখ্যমন্ত্ৰী-মন্ত্ৰীয়ে (ETV Bharat Assam)

নলবাৰী, ২৭ জুন : বৃহস্পতিবাৰে নলবাৰীত অনুষ্ঠিত হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব মন্ত্ৰীসভাৰ কেবিনেট বৈঠক ৷ নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছে ৰাজ্য চৰকাৰৰ এই ১৪ সংখ্যক কেবিনেট বৈঠক ৷ মুখ্যমন্ত্ৰীৰ সহিতে আঠগৰাকী মন্ত্ৰীৰ উপস্থিতিত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বিশেষ সভাকক্ষত কেবিনেট বৈঠক অনুষ্ঠিত হৈছে । উপস্থিত থকা মন্ত্ৰীসকল হ’ল পীযুষ হাজৰিকা, অজন্তা নেওগ, অশোক সিংহল, ৰণজিৎ কুমাৰ দাস, যোগেন মহন, অতুল বৰা, কেশৱ মহন্ত, নন্দিতা গাৰ্লোচা, সঞ্জয় কিষান, ইউ জি ব্ৰহ্ম, বিমল বড়া, জয়ন্ত মল্লবৰুৱা, সঞ্জয় কিষাণ, ইউ জি ব্ৰহ্ম, বিমল বড়া ৷ আনহাতে বৈঠকত উপস্থিত নাই চন্দ্ৰমোহন পাটোৱাৰী ৷

এই মুহূৰ্তত চৰ্চালৈ আহিছে মন্ত্ৰীসকলে খাবলগীয়া খাদ্য তালিকাখন ৷ মন্ত্ৰীসকলে উদৰপূৰাই খাবলগীয়া খাদ্যসমূহৰ তালিকাখনে বিশেষ চৰ্চা লাভ কৰিছে ৷ মুখ্যমন্ত্ৰী-মন্ত্ৰীয়ে খাবলগীয়া খাদ্যতালিকাত আছে ২২ বিধ ব্যঞ্জন ৷ কেবিনেট বৈঠক শেষ হোৱাৰ পিচতে মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰীসকলে সেইসমূহ খাদ্যৰ জুতি ল’ব ৷ জিলা প্ৰশাসনৰ পৰা লাভ কৰা ভিতৰুৱা তথ্যমতে প্ৰায় ২২ বিধ ব্যঞ্জনৰ তালিকাখনত থকা প্ৰায়সমূহ খাদ্যই থলুৱা ৷

নলবাৰীত হোৱা কেবিনেট বৈঠকত আজিৰ খাদ্য সম্ভাৰৰ তালিকা:

১) প্লেইন ৰাইচ, জিৰা ৰাইছ আৰু পোলাও

২) ছাগলীৰ মাংস

৩) কাৱৈ আৰু মাগুৰ মাছৰ বিশেষ আঞ্জা

৪) মিছা মাছৰ ভাজি

৫) আদা দিয়া সৰু সৰু মাছ

৬) টেঙাৰে আৰি, ভকুৱা, বৰালি মাছ

৭) খাহীৰ তেলৰে মাহৰ দাইল

৮) মিক্সড দাইল

৯) তৰকাৰী

১০) কলডিলৰ ভাজি

১১) চিকেন চুপ বইল

১২) ঢেঁকীয়া ভাজি

১৩) কল পচলা

১৪) সৰু আলুৰ ভাজি

১৫) বৰা ভাজি

১৬) আলু পিটিকা

১৭) পদিনা চাটনি

১৮) তিল চাটনি

১৯) অমিতা খাৰ

২০) চালাড

২১) মিঠা দৈ

২২) গোলাপ জামুন

উল্লেখ্য যে তালিকাখনত ভালেমান খাদ্য আছে যদিও সকলোবোৰ মুখ্যমন্ত্ৰীয়ে নাখায় ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই নিৰামিষ খাদ্য গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷ ইফালে এই কেবিনেট বৈঠকৰ ব্ৰেকফাষ্টত আছিল ঢোকলা, চেন্দুইছ আৰু সিজোৱা কণী ।

লগতে পঢ়ক: মিনি দিশপুৰত পৰিণত নলবাৰী, জিলা আয়ুক্তৰ কাৰ্যালয়ত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.