ETV Bharat / state

নলবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ ১৪ সংখ্যক কেবিনেট বৈঠক - Assam cabinet meeting in Nalbari

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 3:16 PM IST

Nalbari cabinet meeting: গছপুলি ৰোপণেৰে নলবাৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত ১৪ সংখ্যক কেবিনেট বৈঠক আৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে । মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বাহিৰে উপস্থিত বাকী আটাইকেইজন মন্ত্ৰী ৷

Nalbari cabinet meeting
ASSAM CABINET MEETING IN NALBARI (ETV Bharat)

নলবাৰী, ২৭ জুন: বৃহস্পতিবাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ১৪ সংখ্যক কেবিনেট বৈঠক । নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত দুপৰীয়া অনুষ্ঠিত হয় এই বৈঠক । কেবিনেট বৈঠকত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । কেবিনেট বৈঠকৰ পূৰ্বে জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত গছপুলি ৰোপণ কৰে মুখ্যমন্ত্ৰীয়ে । ইয়াৰ পিচতে বৈঠক অনুষ্ঠিত ভৱনলৈ ৰাওনা হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকা, অজন্তা নেওগ, অশোক সিংহল, ৰণজিৎ কুমাৰ দাস, যোগেন মহন, অতুল বৰা, কেশৱ মহন্ত, নন্দিতা গাৰ্লোচা, সঞ্জয় কিষাণ, ইউ জি ব্ৰহ্ম, বিমল বড়া, জয়ন্ত মল্লবৰুৱা । মাত্ৰ অনুপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷

লগতে পঢ়ক: কংগ্ৰেছ আৰু এক বিশেষ সম্প্ৰদায়ক লৈ বিস্ফোৰক মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ - Pijush Hazarika Slams Congress

নলবাৰীবাসীয়ে আজিৰ কেবিনেটৰ পৰা যথেষ্ট ভাল ফল পাব বুলি আশা ইতিমধ্যে দুই মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু ৰণজিৎ দাসে সাংবাদিকৰ আগত উল্লেখ কৰে । ইয়াৰ লগতে জিলাখনৰ আন আন প্ৰান্তৰ লগতে নলবাৰী চহৰখনো বিগত কেইদিনত বানত ডুবি আছিল । চহৰৰ নলা নিৰ্মাণ, পথ বহলীকৰণৰ কাম চলি থাকোতে সৃষ্টি হোৱা কৃত্ৰিম বানৰ লগতে ভিন্ন সমস্যাৰ ক্ষেত্ৰত ৰাইজে আজি এক সু-সমাধান পাব বুলি ধাৰণা কৰা হৈছে ।

লগতে অসমত বিগত কেইদিনত হোৱা ধৰ্ষণৰ ঘটনাক লৈও আজিৰ কেবিনেটে গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত ল’ব বুলি ধাৰণা কৰা হৈছে । মুঠৰ ওপৰত আজিৰ এই কেবিনেটে নলবাৰী জিলাৰ লগতে অসমৰ কেইবাটাও সমস্যাৰ সমাধান আৰু ৰাজ্য চৰকাৰৰ নতুন উন্নয়নমূলক কাম-কাজৰ পদক্ষেপৰ বিষয়ে জানিবলৈ পাব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক: ফাঁচীবজাৰ জাহাজঘাটৰ চিলিণ্ডাৰ বিস্ফোৰণত নিহত 1, আহত 5 : নিশাই পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে - FANCY BAZAR CYLINDER BLAST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.