অসম

assam

বৰপেটাত ঈশান উদয় ছাত্ৰ বৃত্তিত ব্যাপক কেলেংকাৰী সংঘটিত

By

Published : Jul 26, 2021, 10:46 PM IST

মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ উচ্চ শিক্ষাৰ ঈশান উদয় বৃত্তিৰ নামত সংঘটিত হৈছে ভয়াৱহ কেলেংকাৰী ৷ ভুৱা মহাবিদ্যালয়, ভূৱা ছাত্ৰ-ছাত্ৰীৰ নামত উলিয়াই নিছে মেধা বৃত্তিৰ কোটি কোটি টকা ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী শিক্ষাৰ্থী-আছুৰ ৷

scam-in-ishan-uday-scholarship-at-barperta
বৰপেটাত ঈশাণ উদয় ছাত্ৰ বৃত্তিত ব্যাপক কেলেংকাৰী

বৰপেটা, 26 জুলাই :ক'ভিড পৰিস্থিতিৰ গ্ৰাসত পৰি সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত বিপদাপন্ন হোৱাৰ সময়তে বৰপেটাত সংঘটিত হৈছে বৃত্তি কেলেংকাৰী ৷ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ উচ্চ শিক্ষাৰ ঈশান উদয় বৃত্তিৰ নামত সংঘটিত হৈছে ভয়াৱহ কেলেংকাৰী ৷ ভুৱা মহাবিদ্যালয়, ভূৱা ছাত্ৰ-ছাত্ৰীৰ নামত উলিয়াই নিছে মেধা বৃত্তিৰ কোটি কোটি টকা ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী শিক্ষাৰ্থী-আছুৰ ৷

উল্লেখ্য যে,মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় আৰু বিশ্ববিদ্যালয় অনুদান আয়োগে উচ্চ শিক্ষাৰ বাবে উত্তৰ-পূব অঞ্চলৰ অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক ঈশান উদয়ৰ বিশেষ বৃত্তি প্ৰদান কৰি আহিছে ৷ ঈশান উদয় বৃত্তি আঁচনিৰ অধীনত, চিকিৎসা আৰু পেৰামেডিকেল পাঠ্যক্ৰমকে ধৰি সাধাৰণ ডিগ্ৰী পাঠ্যক্ৰম, কাৰিকৰী আৰু পেছাদাৰী পাঠ্যক্ৰম গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলৰ মাজত প্ৰতি বছৰে প্ৰায় 10,000 জনক ডিগ্ৰী সম্পূৰ্ণ নোহোৱালৈকে প্ৰতি মাহে 7,800 টকালৈকে বৃত্তি প্ৰদান কৰে ৷ বাৰ্ষিক আয় 4.5 লাখ টকাতকৈ কম হোৱা পৰিয়ালৰ শিক্ষৰ্থীক সম্পূৰ্ণ মেধাৰ ভিত্তিত প্ৰদান কৰা হয় এই বৃত্তি ৷ কিন্তু সম্পূৰ্ণ মেধাৰ ভিত্তিত প্ৰদান কৰা এই বৃত্তিৰ নামত বৰপেটাত সংঘটিত হৈছে বৃহৎ কেলেংকাৰী ৷

বৰপেটাত ঈশান উদয় ছাত্ৰ বৃত্তিত ব্যাপক কেলেংকাৰী সংঘটিত

উত্থাপিত অভিযোগ মতে, বৰপেটাত গঢ়ি উঠা এটা সংগঠিত অসাধু চক্ৰৰ পৃষ্ঠপোষকতাত বছৰ বছৰ ধৰি চলি আহিছে বৃত্তিৰ ধন কেলেংকাৰীৰ ঘটনা ৷ বৰপেটা জিলাৰ কিছুমান ভুৱা ছাত্ৰ-ছাত্ৰীৰ নাম সন্নিৱিষ্ট কৰি এটা সংগঠিত চক্ৰই প্ৰতিবছৰে বৃত্তিৰ নামত উলিয়াই লৈ যায় কোটি কোটি টকা ৷ শেহতীয়াভাৱে বৰপেটা জিলাৰ প্ৰায় 6 শতাধিক ছাত্ৰৰ নাম ঈশান উদয় বৃত্তিৰ তালিকাত সন্নিৱিষ্ট হৈছে আৰু ইয়াৰে অধিকাংশই ভুৱা ছাত্ৰ ছাত্ৰী বুলিও অভিযোগ উঠিছে ৷

শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি, বৰপেটাৰ ভিক্টোৰিয়া ইণ্টাৰ কলেজ নামৰ এখন মহাবিদ্যালয়ৰ নামত সংঘটিত হৈছে বৃহৎ কেলেংকাৰী ৷ অতি আশ্চৰ্যজনকভাৱে বৰপেটাত নাই ভিক্টোৰিয়া ইণ্টাৰ কলেজ নামৰ কোনো মহাবিদ্যালয় ৷ কিন্তু বৰপেটাৰ ভিক্টোৰিয়া ইণ্টাৰ কলেজৰ নামত 238 জন ছাত্ৰই ঈশান উদয় বৃত্তি লাভ কৰিবলৈ সক্ষম হৈছে ৷ যি সময়ত ভিক্টোৰিয়া ইণ্টাৰ কলেজৰ পৰা ইমান বৃহৎ সংখ্যক ছাত্ৰই মেধা বৃত্তি লাভ কৰিবলৈ সক্ষম হৈছে তাৰ তুলনাত কিন্তু কটন মহাবিদ্যালয়ৰ ছাত্ৰৰ সংখ্যা নগন্য ৷

লগতে পঢ়কঃISC পৰীক্ষাত শীৰ্ষ স্থানপ্ৰাপ্ত অস্মিতা কাকতিৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

অকল ভিক্টোৰিয়া ইণ্টাৰ কলেজেই নহয়, দেশৰ বিভিন্ন ৰাজ্যত অধ্যয়ন কৰা দেখুৱাই বহু ভূৱা মহাবিদ্যালয় আৰু ভূৱা শিক্ষাৰ্থীৰ নাম সন্নিৱিষ্ট কৰি কেলেংকাৰী সংঘটিত কৰিছে দুষ্টচক্ৰই ৷ অকল এয়াই নহয়, বৃত্তি লাভ কৰা ছাত্ৰ ছাত্ৰীৰ নামবোৰতো দেখা গৈছে ব্যাপক বিসংগতি ৷ কোনোবা ছাত্ৰ বা ছাত্ৰীৰ নাম যদি মুছলমান তেওঁৰ পিতৃৰ নাম আকৌ হিন্দু ৷ আনহাতে মুছলমান ছাত্ৰ ছাত্ৰীৰ নামৰ বিপৰীতে ধৰ্ম উল্লেখ কৰা হৈছে হিন্দু অথবা খৃষ্টান ৷

এনেদৰেই ভুৱা কলেজ, ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামেৰে ঈশান উদয় মেধা বৃত্তিৰ নামত বৰপেটা জিলাৰ এটা চক্ৰই উলিয়াই নিছে কোটি কোটি টকা ৷ বিগত কেবাবছৰ ধৰি চলি থকা ঈশান উদয় বৃত্তিৰ কেলেংকাৰীৰ বিৰুদ্ধে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ দাবী জনাইছে একাংশ মেধা ছাত্ৰই ৷ লগতে সদৌ অসম ছাত্ৰ সন্থাইয়েও এইক্ষেত্ৰত তদন্তৰ দাবী উত্থাপন কৰিছে ৷

লগতে পঢ়কঃপুনৰ অশান্ত হৈ পৰিছে অসম-মিজোৰাম সীমান্ত

ABOUT THE AUTHOR

...view details