অসম

assam

ETV Bharat / snippets

পূজাৰ আনন্দ-উল্লাসৰ মাজতে দেৰগাঁৱত পথ দুৰ্ঘটনাত নিহত দুজন

By ETV Bharat Assamese Team

Published : Oct 11, 2024, 11:51 AM IST

ROAD ACCIDENT
ROAD ACCIDENT AT DERGAON (ETV Bharat)

গোলাঘাট, 11 অক্টোবৰ: বৃহস্পতিবাৰে নিশা দেৰগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন লোক । AS 05 P 3373 নম্বৰৰ এখন স্কুটীত আহি থকা অৱস্থাত ডিভাইডাৰত তীব্ৰ জোৰেৰে খুন্দা মৰাৰ ফলত সংঘটিত হয় উক্ত দুৰ্ঘটনা । নিহত লোক দুজন নাৰায়ণ বাউৰী আৰু মহেন্দ্ৰ বাউৰী । দুয়োৰে ঘৰ নেঘেৰিটিং চাহ বাগিচাৰ টেকেনা লাইনত বুলি জানিব পৰা গৈছে । নিশা প্ৰায় 2 মান বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো । ঘটনাস্থলীত দেৰগাঁও আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

ABOUT THE AUTHOR

...view details