ETV Bharat / state

উত্তপ্ত মণিপুৰ; কেবাটাও স্থানত হিংসাত্মক ঘটনা...বন্ধ কৰি দিয়া হৈছে ইন্টাৰনেট সেৱা - UNREST MANIPUR

জ্বলিয়েই আছে মণিপুৰ । প্ৰাণ হেৰুৱাইছে নিৰীহ জনতাই । কেইবাখনো জিলাত দুদিনৰ বাবে বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা ।

Manipur
Tense situation in Manipur (PTI)
author img

By ETV Bharat Assamese Team

Published : Nov 17, 2024, 8:16 PM IST

শিলচৰ : জিৰিবামৰ জাকুৰাডহৰৰ অপহৃত ছয় মেইটেই নাগৰিকৰ মাজৰ পাঁচগৰাকীৰ মৃতদেহ উদ্ধাৰ পাছত পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ ৷ ইম্ফলত কেইবাজনো বিধায়কৰ বাসগৃহত আক্ৰমণৰ লগতে জিৰিবামত নিশা জ্বলাই দিয়া হ'ল কেইবাটাও গীৰ্জাসহ বাসগৃহ ৷ জিৰিবামৰ জাইৰন গাঁৱত চলিল মেইটেই আৰু কুকিৰ গুলিয়াগুলী । ফলত দুদিনৰ বাবে ইম্ফলত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা ।

চুবুৰীয়া মণিপুৰৰ বিভিন্ন স্থানত সংঘটিত হৈছে হিংসাত্মক ঘটনা । মেইটেই সম্প্ৰদায়ৰ দুটি শিশু আৰু এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰৰ পাছত পুনৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হৈছে মণিপুৰত । যোৱা সোমবাৰে মণিপুৰৰ জিৰিবামৰ জাকুৰাডহৰৰ পৰা শিশু মহিলাসহ ছগৰাকী নাগৰিকক অপহৰণ কৰিছিল দুৰ্বৃত্তই । ঘটনাৰ তিনিদিন পাছত অৰ্থাৎ শুকুৰবাৰে নিশা অসম-মণিপুৰ সীমান্তৰ জিৰিবাম গিলগাল অঞ্চলৰ বৰাক নৈৰ পৰা উদ্ধাৰ হয় অপহৃত ছয় মেইটেইৰ মাজৰ তিনিগৰাকীৰ মৃতদেহ ।

এই তিনিটা মৃতদেহ উদ্ধাৰৰ পাছত পুনৰ উত্তপ্ত হৈ পৰে মণিপুৰ । কুকি উগ্ৰপন্থীয়ে এই তিনি মেইটেই শিশু আৰু মহিলাক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি কালি মণিপুৰৰ বিভিন্ন স্থানত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে মেইটেই লোকসকলে । মণিপুৰৰ ৰাজধানী ইম্ফলসহ চূৰাচান্দপুৰ, বিষ্ণুপুৰসহ কেইবাখনো জিলাত দিনৰ ভাগত ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে হাজাৰ হাজাৰ মেইটেই লোকে ।

Tense situation in Manipur
জ্বলিয়েই আছে মণিপুৰ (ETV Bharat Assam)

আনকি একাংশ প্ৰতিবাদকাৰীসকলে ইম্ফলস্থিত কেইবাজনো বিজেপিৰ বিধায়কৰ বাসগৃহত আক্ৰমণ কৰে । পৰিস্থিতি ইমানে উত্তপ্ত হৈ পৰে যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আবেলি ইম্ফলসহ কেইবাটাখনো জিলাত দুদিনৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে ।

মেইটেই আৰু কুকিৰ মাজত গুলিয়াগুলী

ইপিনে, নিশাৰ ভাগত মণিপুৰৰ জিৰিবাম জিলাত পুনৰ উত্তপ্ত হৈ পৰে পৰিস্থিতি । জিৰিবামৰ বিভিন্ন অঞ্চলত কেইবাটাও গীৰ্জাসহ ঘৰবাৰীত অগ্নি সংযোগ কৰি জ্বলাই দিয়ে মেইটেই দুৰ্বৃত্তই । লগতে এটা পেট্ৰ'ল পাম্প ধ্বংস কৰে দুৰ্বৃত্তই । জিৰিবামৰ জাইৰন ভিলেজত নিশা সংঘটিত হয় গুলীচালনাৰ ঘটনা । মেইটেই আৰু কুকিৰ মাজত কেইবাঘণ্টা ধৰি চলে গুলিয়াগুলী ।

কাছাৰৰ চিৰিঘাটত উদ্ধাৰ মেইটেই মহিলাৰ মৃতদেহ

কাছাৰৰ বাঁশকান্দি চিৰিঘাটত উদ্ধাৰ হৈছে মেইটেই মহিলাৰ মৃতদেহ ৷ চিৰিঘাটৰ বৰাক নৈৰ পৰা উদ্ধাৰ হৈছে মৃতদেহটো ৷ মৃতদেহটো জিৰিবামৰ পৰা অপহৃত হোৱা মেইটেই ছয় মহিলা- শিশুৰ মাজৰ এগৰাকীৰ বুলি সন্দেহ কৰা হৈছে । পুৱা স্থানীয় লোকসকলে নৈত মহিলাগৰাকীৰ মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খৱৰ দিয়ে ৷

আৰক্ষী অধীক্ষক নোমাল মাহাত্তাসহ অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেনৰ নেতৃত্বত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে ৷

সিংগিৰবন্দত উদ্ধাৰ মেইটেই শিশুৰ মৃতদেহ

কাছাৰৰ লক্ষীপুৰ সিংগিৰবন্দত উদ্ধাৰ মেইটেই শিশুৰ মৃতদেহ ৷ সিংগিৰবন্দৰ বৰাক নৈৰ পৰা উদ্ধাৰ হৈছে শিশুটিৰ মৃতদেহটো ৷ মৃতদেহটো জিৰিবামৰ পৰা অপহৃত হোৱা মেইটেই ছয় মহিলা- শিশুৰ মাজত এটি শিশুৰ বুলি সন্দেহ কৰা হৈছে ৷ স্থানীয় লোকসকলে নৈত শিশুটিৰ মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷

মণিপুৰৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ জিৰিবাম আৰু ফেৰজাৱল জিলাত দুদিনৰ বাবে বন্ধ কৰে ইণ্টাৰনেট সেৱা । কালি ইম্ফলসহ কেইবাখনো জিলাত বন্ধ কৰা হৈছিল ইণ্টাৰনেট সেৱা ।

লগতে পঢ়ক:মণিপুৰ আকৌ জ্বলিছে: ইজনৰ পিছত সিজন বিধায়কৰ ঘৰত আক্ৰমণ

অসম-মণিপুৰ সীমান্তত মেইটেই সম্প্ৰদায়ৰ ২ শিশু আৰু এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.