অসম

assam

ETV Bharat / snippets

সাৰি নগ’ল ভগৱানো...

theft incident in bongaigaon
সাৰি নগ’ল ভগৱানো... (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : Jun 16, 2024, 9:07 AM IST

বঙাইগাঁও, 16 জুন :বঙাইগাঁও জিলাৰ নৰ্থ বঙাইগাঁৱত শুকুৰবাৰে নিশা চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয় । বৰষুণৰ সুযোগ লৈ চোৰে মন্দিৰত সোমাই প্ৰায় 10 লক্ষাধিক টকাৰ সোণৰ সামগ্ৰী লুট কৰি লৈ যায়।

বঙাইগাঁও জিলাৰ নৰ্থ বঙাইগাঁৱৰ শাল বাগান অঞ্চলত নিশা চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয় । জীৱন কুণ্ড নামৰ এজন লোকৰ ঘৰৰ মা কালী মন্দিৰত সংঘটিত হয় এই চুৰিকাণ্ড। মূৰ্তিটোত প্ৰায় আছিল 10 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ ।

মন্দিৰটোৰ ওপৰৰ টিনপাত কাটি মন্দিৰত প্ৰৱেশ কৰে চোৰৰ দলে । ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী পৰিয়ালটোৱে।

ABOUT THE AUTHOR

...view details