ETV Bharat / bharat

'ডানা'ৰ সতৰ্কবাণী : ওড়িশা উপকূলৰ পৰা 730 কিলোমিটাৰ দূৰৈত ডানাৰ নিম্নচাপ তীব্ৰতৰ

Cyclone Dana Update : ওড়িশা উপকূলৰ ওচৰলৈ ঘূৰ্ণীবতাহ ডানা ক্ৰমান্বয়ে ওচৰচাপি আহিছে । ৰাজ্য চৰকাৰৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ । 90 খনতকৈও অধিক ৰে'ল বাতিল ।

Cyclone Dana
পুৰীৰ জগন্নাথ মন্দিৰ (ফাইল ফটো) (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : 2 hours ago

পুৰী : ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আই এম ডি) জনোৱা অনুসৰি, বংগোপসাগৰৰ ওপৰত গঠন হোৱা নিম্নচাপ মঙলবাৰে পুৱা পূব উপকূলৰ ফালে আগবাঢ়িছে । এই নিম্নচাপে অধিক শক্তি আহৰণৰ ফলত তীব্ৰ ঘূৰ্ণীবতাহত পৰিণত হোৱাৰ সম্ভাৱনা আছে ।

নিজৰ বুলেটিনত আই এম ডিয়ে জনাইছে যে পুৱা ৫.৩০ বজাত ওড়িশাৰ পাৰাদীপৰ পৰা ৭৩০ কিলোমিটাৰ দক্ষিণ-পূবত অৱস্থিত এই নিম্নচাপ পশ্চিম-উত্তৰ-পশ্চিম দিশে গতি কৰিছে আৰু ২৩ অক্টোবৰৰ ভিতৰত ঘূৰ্ণীবতাহত পৰিণত হ'ব বুলি আশা কৰা হৈছে ।

ঘূৰ্ণীবতাহ ডানা তীব্ৰ ঘূৰ্ণীবতাহত পৰিণত হোৱাৰ সম্ভাৱনা আছে আৰু ২৪ অক্টোবৰৰ শেষনিশা আৰু ২৫ অক্টোবৰৰ পুৱা পুৰী আৰু সাগৰ দ্বীপৰ মাজত উত্তৰ ওড়িশা আৰু পশ্চিমবংগ উপকূল অতিক্ৰম কৰাৰ সম্ভাৱনা আছে । ইয়াৰ ফলত ১০০-১১০ কিলোমিটাৰ প্ৰতিঘণ্টা বেগেৰে বলা বতাহৰ গতিবেগ ১২০ কিলোমিটাৰলৈকে বৃদ্ধি হ'ব । ইয়াৰ ফলত ওড়িশা আৰু পশ্চিমবংগৰ উপকূলত ধাৰাসাৰ বৰষুণ আৰু তীব্ৰ বতাহৰ সম্ভাৱনা আছে বুলি আই এম ডিয়ে সতৰ্ক কৰি দিছে ।

উচ্চ শিক্ষানুষ্ঠান বন্ধ

ঘূৰ্ণীবতাহৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে মঙলবাৰে ২৩ অক্টোবৰৰ পৰা ২৫ অক্টোবৰলৈ সকলো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে । উচ্চ শিক্ষা বিভাগৰ সচিবলৈ লিখা এখন পত্ৰত এছ আৰ চিয়ে তীব্ৰ ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ বাবে গঞ্জাম, পুৰী, জগতসিংপুৰ, কেন্দ্ৰপাৰা, ভদ্ৰক, বালাচোৰ, ময়ূৰভঞ্জ, কেওনঝাৰ, ঢেংকানাল, জাজপুৰ, আংগুল, খোৰধা, নয়াগড় আৰু কটক জিলাৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়ে ।

ৰে'ল বাতিল

ঘূৰ্ণীবতাহৰ ভাবুকি আৰু পৰৱৰ্তী সময়ৰ প্ৰতিক্ৰিয়া স্বৰূপে ইষ্ট-কোষ্ট ৰে'লৱেয়ে মঙলবাৰে প্ৰথম বুলেটিনত ২৩ অক্টোবৰৰ পৰা ২৬ অক্টোবৰলৈ ৰাজ্যখনৰ মাজেৰে পাৰ হৈ যোৱা প্ৰায় ৮৫ খন আপ আৰু ৯৩ খন ডাউন ৰে'ল বাতিল কৰাৰ কথা ঘোষণা কৰে ।

বিদ্যালয়সমূহ বন্ধ থাকিব

ঘূৰ্ণীবতাহ ডানাৰ বাবে ওড়িশা সতৰ্ক হৈ থকাৰ লগে লগে ওড়িশা চৰকাৰৰ এছ আৰ চি কাৰ্যালয়ে ২৩ ৰ পৰা ২৫ অক্টোবৰলৈ গঞ্জাম, পুৰী, জগতসিংপুৰ, কেন্দ্ৰপাৰা, ভদ্ৰক, বালাচোৰ, ময়ূৰভঞ্জ, কেওনঝাৰ, ঢেংকানাল, জাজপুৰ, অনুগুল, খোৰধা, নয়াগড় আৰু কটক জিলাত বিদ্যালয়সমূহ বন্ধ ৰখাৰ ঘোষণা কৰিছে । এই অঞ্চলবোবোৰ বতাহৰ দ্ৰুতগতিত প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে । "ইয়াৰ প্ৰতি লক্ষ্য ৰাখি 23 অক্টোবৰৰ পৰা 25 অক্টোবৰলৈ উপৰিউক্ত জিলাবোৰৰ বিদ্যালয়সমূহ সতৰ্কতামূলক ব্যৱস্থা হিচাপে বন্ধ থাকিব ।" এছ আৰ চিৰ পত্ৰখনত কোৱা হৈছে ।

কেন্দ্ৰপাৰা, বালাচোৰ আৰু ভদ্ৰক আটাইতকৈ বেছি প্ৰভাৱিত হ'ব

উপ-মুখ্যমন্ত্ৰী কে ভি সিংদেৱে কয় যে চৰকাৰে সকলো সংশ্লিষ্ট বিভাগক প্ৰস্তুত কৰিছে । আই এম ডিৰ পূৰ্বানুমান আৰু ভৱিষ্যদ্বাণী অনুসৰি কেন্দ্ৰপাৰা, বালাচোৰ আৰু ভদ্ৰক জিলা মুখ্যতঃ ঘূৰ্ণীবতাহৰ দ্বাৰা প্ৰভাৱিত হ'ব ।

ঘূৰ্ণীবতাহ ডানা উপকূলৰ ওচৰ চাপি অহাৰ লগে লগে পুৰী জিলা প্ৰশাসনে ইয়াৰ প্ৰভাৱ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰস্তুতি বৃদ্ধি কৰিছে । আগতীয়া সতৰ্কতা হিচাপে পুৰীৰ পৰ্যটকসকলক চৰকাৰী নিৰ্দেশ অনুসৰি ঘৰলৈ উভতি যাবলৈ পৰামৰ্শ দিয়া হৈছে । আনহাতে, ওড়িশাৰ উপ-মুখ্যমন্ত্ৰী প্ৰবতী পাৰিডাই মঙলবাৰে জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে ঘূৰ্ণীবতাহৰ পৰিপ্ৰেক্ষিতত প্ৰস্তুতি মূল্যায়ন কৰিবলৈ এক পৰ্যালোচনা বৈঠকত মিলিত হয় ।

সাজু ওড়িশা চৰকাৰ, পৰ্যটকক পুৰী এৰাৰ পৰামৰ্শ

এক ভাৰ্চুৱেল বৈঠকত ভাষণ দি পাৰিডাই অতিৰিক্ত জিলা দণ্ডাধীশ শৰত চন্দ্ৰ বেহেৰা আৰু অন্যান্য বিষয়াসকলৰ সৈতে ঘূৰ্ণীবতাহৰ প্ৰভাৱ নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদ্ধতিৰ বিষয়ে বিতংভাৱে আলোচনা কৰে । জিলা প্ৰশাসনে জনোৱা মতে, ঘূৰ্ণীবতাহৰ বাবে সৃষ্টি কৰা আশ্ৰয় শিবিৰসমূহত খোৱাপানী আৰু খাদ্য সম্পূৰ্ণৰূপে মজুত কৰা হৈছে । বানপ্ৰৱণ অঞ্চলৰ লোকসকলক স্থানান্তৰৰ বাবে পৰিকল্পনা কৰা হৈছে আৰু পানী জমা হোৱাৰ সমস্যা সমাধানৰ বাবে মটৰ পাম্পবোৰ সাজু হৈ আছে ।

ৰাজহুৱা সুৰক্ষা নিশ্চিত কৰিবলৈ অগ্নিনিৰ্বাপক বাহিনী আৰু বিশেষ দলো মোতায়েন কৰা হৈছে । আনহাতে, পৰ্যটকসকলক হোটেল এৰি ঘৰলৈ উভতি যাবলৈ নিৰ্দেশ দিয়া হৈছে । ইফালে মাছমৰীয়াসকলক সাগৰলৈ নাযাবলৈ সতৰ্ক কৰি দিয়া হৈছে । গৰ্ভৱতী মহিলাৰ সুৰক্ষাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু মূল্যবৃদ্ধি প্ৰতিহত কৰিবলৈ পাচলিৰ মূল্য নিৰীক্ষণ কৰাৰ বাবে এটা টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে । প্ৰশাসনে আৱাসীসকলক আতংকিত নহ'বলৈ আৰু ঘূৰ্ণীবতাহৰ সময়ত চৰকাৰী পৰামৰ্শ অনুসৰণ কৰিবলৈ আহ্বান জনাইছে ।

"আমি এটা সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পুৰীলৈ আহিছিলোঁ । কিন্তু আমাৰ সুৰক্ষাৰ বাবে চৰকাৰৰ নিৰ্দেশনা অনুসৰি ঘৰলৈ উভতি আহিছোঁ ।" অসমৰ এজন পৰ্যটকে কয় । পুৰীৰ পৰ্যটকসকলক চৰকাৰৰ নিৰ্দেশনা অনুসৰণ কৰিবলৈ আৰু তেওঁলোকৰ পৰিকল্পনা স্থগিত ৰাখিবলৈ আহ্বান জনোৱা হৈছে ।

একেদৰে গুজৰাটৰ আন এজন পৰ্যটকে তেওঁৰ দুৰ্দশা ব্যক্ত কৰি কয়, "মই মোৰ সমগ্ৰ পৰিয়ালৰ সৈতে আহিছিলোঁ আৰু আমি পুৰীত এসপ্তাহ কটোৱাৰ কথা আছিল । কিন্তু আমি কেৱল শ্ৰীমন্দিৰহে ভ্ৰমণ কৰিব পাৰিলোঁ । এতিয়া আমাৰ উভতনি যাত্ৰাৰ বাবে টিকট বুক কৰি আছোঁ ।" অৱশ্যে আন বহুতে ৰে'ল বা বিমানৰ টিকট অধিক মূল্যৰ বাবে বুকিং কৰিব পৰা নাই । যাৰ বাবে তেওঁলোক তাতেই থাকিবলৈ বাধ্য হৈছে ।

আনহাতে, পুৰীৰ এজন হোটেল ব্যৱসায়ী শ্ৰীমন্ত দাসে কয় যে স্থানীয় হোটেলসমূহে চৰকাৰৰ ঘূৰ্ণীবতাহ নিৰ্দেশনা মানি চলিব লাগিব । "আমি পৰ্যটকসকলক ঘৰলৈ উভতি যাবলৈ পৰামৰ্শ দিছোঁ । কিন্তু যিসকল ইতিমধ্যে আহিছে তেওঁলোকক আমি যাবলৈ বাধ্য কৰিব নোৱাৰো । ২০১৯ চনৰ ফণী ঘূৰ্ণীবতাহৰ সময়ত হোটেল উদ্যোগটো ব্যাপক ক্ষতিৰ সন্মুখীন হৈছিল আৰু আমি আশাকৰোঁ যে এই ধুমুহাৰ ফলত যাতে ওড়িশাৰ কোনো ক্ষতি নহয় ।" তেওঁ কয় ।

লগতে পঢ়ক :তীব্ৰগতিত আহি আছে ঘূৰ্ণীবতাহ 'ডানা'; ৪ জিলাত ৰেড এলাৰ্ট জাৰি
লগতে পঢ়ক :বিষাক্ত হৈ উঠিছে ৰাজধানী দিল্লীৰ বায়ুমণ্ডল; সাৱধান নহ’লে সন্মুখীন হ’ব পাৰে এই সমূহ সমস্যাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.