ETV Bharat / state

অনুসূচিত জাতিৰ বিসংগতিপূৰ্ণ প্ৰমাণপত্ৰৰ তদন্ত ঘোষণা মন্ত্ৰী পীযুষ হাজৰীকাৰ

অনুসূচিত জাতিৰ লোকৰ বাবে আহিল সুখবৰ । পীযুষ হাজৰীকাৰ তৎপৰতাত বিসংগতিপূৰ্ণ প্ৰমাণ পত্ৰসমূহৰ ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ জিলা আয়ুক্তসকললৈ নিৰ্দেশনা প্ৰেৰণ ।

Commission level inquiry into allegations of forgery of Scheduled Caste certificate
কমিচনাৰ পৰ্যায়ত তদন্ত অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰৰ জালিয়াতিৰ অভিযোগৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 2 hours ago

যোৰহাট: অনুসূচিত জাতি প্ৰমাণ পত্ৰ নামত ৰাজ্যত বিয়াগোম জালিয়াতি সংঘটিত হোৱাৰ অভিযোগত ঢৌ উঠিছে প্ৰতিবাদৰ । অনা অনুসূচিত জাতিৰ লোকে বিভিন্ন পন্থা আৰু জালিয়াতিৰে অনুসূচিত জাতি প্ৰমাণ পত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে বুলি অভিযোগ উথাপন কৰিছিল অসম অনুসূচিত জাতি পৰিষদে । ২০২২ চনত মিছন ভূমিপত্ৰ জৰিয়তে অনুসূচিত জাতি লোকৰ বাবে জাতিগত প্ৰমাণ পত্ৰ লাভ কৰিব বাবে এক সহজ পন্থা গ্ৰহণ কৰিছিল অসম চৰকাৰে ।

কিন্তু এই পদ্ধতি জৰিয়তে পিতৃৰ প্ৰমাণ পত্ৰ দেখুৱাই লক্ষ লক্ষ অনা-অনুসূচিত জাতিৰ লোকে অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ লাভ কৰিছিল আৰু এই ক্ষেত্ৰত জিলা আয়ুক্ত কাৰ্যালয়ে কৰবাত উজুটি খাব লগা হৈছিল । বৃহৎ সংখ্যক অনা অনুসূচিত জাতিৰ লোকে ভুৱা পদ্ধতিৰে আৰু জালিয়াতিৰে জাতিগত প্ৰমাণ পত্ৰ লাভ কৰা বিষয় সন্দৰ্ভত অসম অনুসূচিত জাতি পৰিষদে বিভাগীয় মন্ত্ৰী পীযুষ হাজৰীকাক সাক্ষাৎ কৰি তথ্য সহকাৰে প্ৰমাণ দাখিল কৰে ।

কমিচনাৰ পৰ্যায়ত তদন্ত অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰৰ জালিয়াতিৰ অভিযোগৰ (ETV Bharat Assam)

ইতিমধ্যে এই সম্পৰ্কত বিভাগীয় মন্ত্ৰী পীযুষ হাজৰীকাৰ তৎপৰতাত বিসংগতিপূৰ্ণ প্ৰমাণ পত্ৰসমূহৰ ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ জিলা আয়ুক্তসকললৈ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে আৰু এই ক্ষেত্ৰত সহযোগ কৰিব অনুসূচিত জাতি পৰিষদৰ জিলা সমিতিসমূহে । ইতিমধ্যে কমিচনাৰ পৰ্যায়ত তদন্ত আৰম্ভ হৈছে আৰু নৱেম্বৰ মাহৰ ২৩ তাৰিখে শুনানিৰ দিন ধাৰ্য কৰা হৈছে ।

দুটা বছৰ ভিতৰত লক্ষ লক্ষ অনুসূচিত জাতি ভুৱা প্ৰমাণ পত্ৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ দুৱাৰমুখেদি ওলাই যোৱা সকলো তথ্য প্ৰমাণ অসম অনুসূচিত জাতি পৰিষদে সংগ্ৰহ কৰি প্ৰমাণ সহকাৰে উল্লেখ কৰে বুলি অসম অনুসূচিত জাতি পৰিষদৰ কেন্দ্ৰীয় সমিতি সম্পাদক দীপাংকৰ হাজৰিকাই উল্লেখ কৰে । লগতে তেওঁ কয়, "এই জালিয়াতি ফাদিল হ'লেই ৩৫ লাখ অনুসূচিত জাতিৰ লোকৰ মুখলৈ পুনৰ হাঁহি ঘূৰি আহিব ।" উল্লেখ্য যে অনা-অনুসূচিত জাতি লোকে ভুৱা পদ্বতিৰে অনুসূচিত জাতি প্ৰমাণ পত্ৰ উলিয়াই চৰকাৰী চাকৰি কৰাৰ লগতে শিক্ষানুষ্ঠানত অধ্যয়ন কৰি আহিছে বুলি বিভিন্ন সময়ত অভিযোগ উথাপিত হৈ আহিছে ।

লগতে পঢ়ক: চৰকাৰী প্ৰতাৰণাৰ প্ৰতিবাদ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ

২৬ অক্টোবৰত দিছপুৰ ঘেৰাও কৰিবলৈ আহি আছে অনুসূচিত জাতি ছাত্ৰ সন্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.