মাণিকপুৰ, ২১ জুলাই:বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাতিলাদহা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে সংঘটিত হয় এক দুৰ্ঘটনা । AS15 N-5691 নম্বৰৰ মটৰ চাইকেল আৰু এখন চাইকেলৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত তিনিজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।
মাণিকপুৰত পথ দুৰ্ঘটনাত আহত তিনি
Published : Jul 21, 2024, 8:30 PM IST
পাতিলাদহা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা (ETV Bharat Assam)
এই ঘটনাৰ পিচতেই আহত তিনিজনক মাণিকপুৰ মহাত্মাগান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও এজনৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰা হৈছে । ৰবীন বৰ্মন নামৰ লোকজনে পৰিয়ালসহ বৰপেটাৰোডৰ পৰা বিলাসীপাৰালৈ গৈ থকা অৱস্থাতেই দুৰ্ঘটনাটো সংঘটিত হয় ।