ETV Bharat / state

হঠাৎ সলনি হৈছে ব্ৰহ্মপুত্ৰৰ পানীৰ বৰণ ! তাকে দেখি চিন্তাত ৰাইজ - BRAHMAPUTRA RIVER IS POLLUTED

সাৱধান নৈপৰীয়া লোকসকল ৷ মাজুলীত বুঢ়া লুইতৰ পানী ঘোলা হৈছে ৷

Brahmaputra river is polluted
কিয় সলনি হৈছে মাজুলীত ব্ৰহ্মপুত্ৰৰ পানীৰ বৰণ ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 22, 2024, 2:47 PM IST

মাজুলী : আকৌ আহিছে নেকি নতুন বিপদ ! চিন্তিত হৈছে নৈপৰীয়া লোকসকল ৷ কিয়নো হঠাৎ সলনি হোৱা দেখিবলৈ পোৱা গৈছে ব্ৰহ্মপুত্ৰত পানীৰ বৰণ । বিশেষকৈ মাজুলীত বুঢ়া লুইতৰ পানী ঘোলা হোৱা দেখা পোৱা গৈছে । বাৰিষা বা বানপানীৰ সময়তহে ব্ৰহ্মপুত্ৰত পানীৰ বৰণ সলনি হয় ৷ কিন্তু খৰাং বতৰত কাহানিও ব্ৰহ্মপুত্ৰৰ পানীৰ বৰণ সলনি নহয় ৷ এই মন্তব্য মাজুলীৰ নৈপৰীয়া লোকসকলৰ ৷ খৰালি কালত হোৱা এই পৰিৱৰ্তনে চিন্তিত কৰি তুলিছে প্ৰতিজন মাজুলীয়ালক ৷

মাজুলীৰ এগৰাকী স্থানীয় লোকে উল্লেখ কৰা মতে, বিগত কিছু বছৰৰ পৰা খৰালি সময়ত নদীৰ পানীৰ বৰণ সলনি হোৱা দেখা পোৱা গৈছে । সেই সময়তো ব্ৰহ্মপুত্ৰ নদীৰ পানী এতিয়াৰ দৰে একে বৰণৰ হৈছিল ৷ এনেদৰে পানীৰ বৰণ সলনি হ’লে বিপদ হ’ব পাৰে এই নৈকে সাৰথি কৰি জীৱিকা নিৰ্বাহ কৰি থকা নৈপৰীয়া লোকসকলৰ ৷

কিয় সলনি হৈছে মাজুলীত ব্ৰহ্মপুত্ৰৰ পানীৰ বৰণ ? (ETV Bharat Assam)

ইফালে খৰালি সময়তে চর্চা চলি থকা চীনত বৃহৎ নদী বান্ধৰ কাম আৰম্ভ হৈছে নেকি বুলিও একাংশ ৰাইজৰ মনলৈ উঠিছে ৷ এনেদৰে দূষিত পানী অহাৰ পাছৰে পৰা বিগত বছৰসমূহত ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱা পৰিলক্ষিত হৈ আহিছে ৷

যদিহে ব্ৰহ্মপুত্ৰৰ এই পানীত কিবা দূষিত দ্ৰব্য মিহলি হৈ আহিছে তেন্তে নৈপৰীয়া লোকসকলৰ জীৱনলৈ যে বিপদ আহিব সেইটো নিশ্চিত । সেয়ে স্থানীয় ৰাইজে চৰকাৰ তথা জিলা প্ৰশাসনক এই সমগ্ৰ বিষয়টো সন্দৰ্ভত অতি সোনকালে পৰীক্ষা-নিৰীক্ষা চলাই বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে ৷

water of the Brahmaputra river is polluted in Majuli
মাজুলীত বুঢ়া লুইতৰ পানী ঘোলা হৈছে (ETV Bharat Assam)
লগতে পঢ়ক : আলহী পক্ষীৰ কলৰৱত পুৱাৰ সূৰুযে চকু মেলিছে মাজুলীত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.