জ্যেষ্ঠ ভাতৃক মৰিয়াই মাৰি কনিষ্ঠ ভাতৃয়ে জ্বলালে মৃতদেহ - Murder case in Bongaigaon
Published : Jan 21, 2024, 8:29 PM IST
বঙাইগাঁও, 21 জানুৱাৰী: বঙাইগাঁও জিলাৰ 2 নং খাৰিজা দলাইগাঁৱত শিহৰণকাৰী হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ কনিষ্ঠ ভাতৃয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে জ্যেষ্ঠ ভাতৃক ৷ ৰবি ৰাজভৰে হত্যা কৰিলে জ্যেষ্ঠ ভাতৃ সুশীল ৰাজভৰকল । কেৱল হত্যা কৰাই নহয় জ্যেষ্ঠ ভাতৃৰ মৃতদেহত অগ্নিসংযোগ কৰে ৰবি ৰাজভৰে অগ্নিসংযোগ কৰি অৰ্ধদগ্ধ মৃতদেহ ঘৰৰ ওচৰতেই পুতি ৰাখে । এই ঘটনা পোহৰলৈ অহাৰ পিচতে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে ঘটনাস্থলীত বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা আৰু জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোণোৱাল আৰু দণ্ডাধীশ আৰু ফৰেনচিক বাহিনীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰিছে ৷ ইতিমধ্যে সমগ্ৰ ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে বঙাইগাঁও আৰক্ষীয়ে । আৰক্ষীয়ে ভাতৃহন্তা ৰবিক আটক কৰিছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: অগ্নিগৰ্ভা মণিপুৰ: দুটা পৃথক ঘটনাত দুজন আৰক্ষী কমাণ্ডো নিহত, আঘাতপ্ৰাপ্ত 6 বিএছএফ জোৱান