অসম

assam

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 8:36 PM IST

ETV Bharat / videos

মুছলপুৰত বিশ্ব মহ দিৱস উদযাপন - World Mosquito Day

বাক্সা, ২০ আগষ্ট : আজি 'বিশ্ব মহ দিৱস'। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বাক্সা জিলাৰ সদৰ মুছলপুত ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ বাক্সাৰ উদ্যোগত উদযাপন কৰা হয় এই দিৱস । এই দিৱসৰ লগত সংগতি ৰাখি মহৰ পৰা হ'ব পৰা বিভিন্ন ৰোগ সম্পৰ্কে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা হয় ।

বাক্সা জিলাৰ ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ পৰামৰ্শদাতা ৰহিম আলি আহমেদে এই দিৱসৰ উদ্দেশ্য় সন্দৰ্ভত কয়," মহ দিৱস উদযাপন কৰাৰ মূল উদ্দেশ্য হ'ল মহৰ পৰা হ'ব পৰা মেলেৰিয়া, ডেংগু বা তেনে ধৰণৰ ৰোগ সমূহৰ পৰা সজাগ আৰু সচেতন হৈ নিৰ্মূল কৰা । আমি মহৰ পৰা সজাগ হ'ব লাগিব । লগতে মেলেৰিয়াৰ পৰা কেনেধৰণে ৰক্ষা পাব পাৰো তাৰ ব্যৱস্থা কৰিব লাগিব ৷  জিলাখনত মেলেৰিয়া, ডেংগু আৰু জাপানীজ এনকেফেলাইটিছ ৰোগৰ বিৰুদ্ধে ৰাইজক সজাগ কৰি থকা হৈছে ।" এই বছৰ বাক্সা জিলাত দুগৰাকী ব্যক্তিৰ দেহত মেলেৰিয়া ৰোগ ধৰা পৰিছে বুলিও কয় বিষয়াগৰাকীয়ে ।

এই অনুষ্ঠানটোত মুছলপুৰ খণ্ডৰ এছ ডি এম ডাঃ হৰিচৰণ কলিতা, মেলেৰিয়া বিভাগৰ সহকাৰী বিষয়া হেমকান্ত বড়োৰ লগতে মুছলপুৰ স্বাস্থ্য খণ্ডৰ বিষয়ববীয়া তথা আশাকৰ্মীসকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: ডেংগু আৰু মেলেৰিয়াত ভুগিছে নেকি ? কেনেকৈ ল’ব শৰীৰৰ সঠিক যতন - World Mosquito Day 2024

মহৰ পৰা নিজকে ৰক্ষা কৰিবলৈ গৰ্ভৱতী মহিলাৰ বাবে ৫ টা গুৰুত্বপূৰ্ণ টিপছ - World Mosquito Day 2024

ABOUT THE AUTHOR

...view details