অসম

assam

ETV Bharat / videos

চাৰিদুৱাৰত দুৰ্বৃত্তই শোৱাপাটীতেই চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিলে মহিলাক - Sensational murder in Rangapara

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 10:01 PM IST

ৰঙাপৰা, ৭ জুলাই: শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ সমীপৱৰ্তী ৬ নং কঁঠালজুলিত শনিবাৰে নিশা সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড । নিশা এগৰাকী মহিলাক শুই থকা অৱস্থাতেই চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিলে দুৰ্বৃত্তই ৷ ঘটনাৰ বিৱৰণি অনুসৰি চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত ৬ নং কঁঠালজুলি গাঁৱৰ শংকৰ বসুমতাৰীৰ পত্নী লাউদাং বসুমতাৰীয়ে শনিবাৰে নিশা অকলশৰে শুই আছিল । কালি লাউদাং বসুমতাৰীৰ স্বামী আৰু পুত্ৰ-কন্যা ঘৰত নাছিল । মহিলা গৰাকীয়ে নিজৰ ঘৰত অকলশৰে শুই থকা অৱস্থাতেই দুৰ্বৃত্তই চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে ।  

ইফালে, আজি পুৱা ১২ বছৰীয়া পুত্ৰই মাতৃৰ মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজক অৱগত কৰে । এই  ঘটনাৰ খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত চাৰিদুৱাৰ থানাৰ আৰক্ষী উপস্থিত হৈ তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত পৰি থকা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে ।  

আৰক্ষীয়ে এই ঘটনাত হত্যাকাৰীয়ে ব্যৱহাৰ কৰা দাখন উদ্ধাৰ কৰিছে । ঘটনাৰ সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । মহিলা গৰাকীক কোনো কি কাৰণত হত্যা কৰিলে তাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক:গোৱালপাৰাত নিচামুক্তি কেন্দ্ৰত যুৱকক মৰিয়াই মৰিয়াই হত্যা; ৮ অভিযুক্তক গ্ৰেপ্তাৰ - Murder in Rehab Center

শ্ৰেণীকোঠাত পাঠদানৰ সময়তে ছাত্ৰৰ ছুৰিকাঘাতত নিহত শিক্ষক - Teacher stabbed to death

বোৱাৰীৰ ৰহস্য়জনক মৃত্য়ুক লৈ উত্তাল মঙলদৈ আৰক্ষী থানা - Woman Mysterious Death

ABOUT THE AUTHOR

...view details