1 কোটি 40 লাখ টকাৰ ড্ৰাগছসহ আৰক্ষীৰ জালত মহিলা - DRUGS SEIZED - DRUGS SEIZED
Published : Jul 19, 2024, 11:22 AM IST
ডিফু, 19 জুলাই: অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীৰ জালত পৰিল মহিলা সৰবৰাহকাৰী ৷ বৃহস্পতিবাৰৰ দিনৰ ভাগত অসম-নাগালেণ্ড সীমান্তৰ লাহৰীজানত গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই এগৰাকী মহিলাৰ পৰা প্ৰায় 1 কোটি 40 লাখ টকাৰ সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি জনায় ৷
খটখটী আৰক্ষীয়ে চলোৱা অভিযানত হেৰ’ইন ভৰ্তি 12 টা চাবোনৰ বাকচ জব্দ কৰিবলৈ সক্ষম হয় ৷ হেৰ’ইনখিনিৰ ওজন 206.88 গ্ৰাম ৷ আনহাতে, হেৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় 1 কোটি 40 লাখ হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে ৷ খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতুল শইকীয়াৰ নেতৃত্বত খটখটী আৰক্ষীয়ে চলাইছিল এই অভিযান ৷ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু এন ডি পি এছৰ অধীনত আৰক্ষীয়ে গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত ৷