অসম

assam

ETV Bharat / videos

ৰঙাপৰাত বনৰীয়া হাতীৰ মুক্ত বিচৰণ : গচকত পশুধনৰ মৃত্যু - Man Elephant Conflict

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 7:47 PM IST

ৰঙাপৰা, ৫ জুলাই : শোণিতপুৰ জিলাৰ ৰঙাপৰাত এটা বনৰীয়া হাতীয়ে মুক্ত বিচৰণ কৰাত আতংকিত হৈ পৰিছে ৰাইজ । ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ফুলগুৰি গাঁৱত শুকুৰবাৰে পুৱাৰে পৰা বনৰীয়া হাতীটোৱে মুক্ত বিচৰণ কৰাত হাতীটোক বনাঞ্চলৰ দিশে খেদি নিবলৈ মিছামাৰীৰ গাভৰু খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীসকল গাঁওখনত উপস্থিত হয় ।

ইফালে, হাতীটোক একাংশ লোকে ইফালৰ পৰা সিফালে খেদি থকাৰ ফলত হাতীটো খঙাল হৈ পৰে । ফলত হাতীটোৱে গাঁওখনত এৰাল দি থোৱা এটা ছাগলীক আক্ৰমণ কৰাত ছাগলীটোৰ মৃত্যু ঘটে । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা অকলশৰীয়া বনৰীয়া হাতীটোক ৰাইজে প্ৰথমে খেদিবলৈ চেষ্টা কৰে যদিও ব্য়ৰ্থ হোৱাত বন বিভাগক খবৰ দিয়ে । উল্লেখ্য় যে ৰঙাপৰা অঞ্চলত বনৰীয়া হাতীয়ে প্ৰায়েই মুক্ত বিচৰণ কৰি আহিছে ।

লগতে পঢ়ক:এম্বুলেন্স যোৱাত বাধা দি ৰোগীৰ প্ৰাণ ল’লে বন্যহস্তীয়ে - Death Due To Lack Of Treatment

লগতে পঢ়ক:তেজপুৰত বন্যহস্তী আৰু ম'হৰ সন্ত্ৰাস, সষ্টম বন বিভাগ - Assam Flood 2024

বানৰ বিভীষিকাৰ মাজতে ৰাজ্যত বন্যপ্ৰাণীৰ সন্ত্ৰাস: নিহত 1, আহত 2 - Man Animal conflict

ABOUT THE AUTHOR

...view details