অসম

assam

ETV Bharat / videos

গাঁৱত সোমাইছে হাতীৰ বৃহৎ জাক; ঘৰ এৰি পথত আশ্ৰয় গঞাৰ

By ETV Bharat Assamese Team

Published : Oct 29, 2024, 8:38 AM IST

মাজুলী: সত্ৰপীঠ মাজুলীত ৰাইজৰ নিদ্ৰা হৰণ কৰিছে বন্যহস্তীৰ জাকে ৷ মাজুলীৰ দক্ষিণপাট, আফলামুখ অঞ্চলত বিগত কেইবাদিনো ধৰি আতংকৰ সৃষ্টি কৰিছে প্ৰায় ৮০ টা হাতীৰ এটা জাকে ।

সোমবাৰে নিশা হাতীৰ এই বৃহৎ জাকে খেতি পথাৰৰ বিস্তৰ ক্ষতি সাধন কৰে । অফলামুখ দক্ষিণপাট গাঁৱৰ মাজৰ গেৰ ধৰা ধাননি পথাৰত বিচৰণ কৰি হাতীৰ জাকটোৱে ধাননি পথাৰ নষ্ট কৰে । বন বিভাগৰ লোকে গুলি ফুটাই হাতী খেদা চেষ্টা অব্যাহত ৰাখিছে ।  

এনে আতংকময় পৰিৱেশৰ মাজতেই নিশা পথত আশ্ৰয় ল'লে গাঁওবাসীয়ে । বৃদ্ধাৰ পৰা কণমানিলৈ দেখা গৈছে গাঁৱৰ পথৰ মাজত আশ্ৰয় লোৱা । জুই ধৰি টিং বজাই হাতী খেদাৰ চেষ্টা গাঁওবাসীৰ । হাতীৰ আতংকত উজাগৰী নিশা পৰা কৰিছে গাঁওবাসীয়ে । হাতীৰ জাকটোত বহু কেইটা পোৱালি হাতীও আছে । স্থানীয় ৰাইজে সোনকালে বন বিভাগক হাতীৰ জাকটো সেই অঞ্চলৰ পৰা খেদি পঠিয়াবলৈ দাবী জনাইছে ।

লগতে পঢ়ক:গোলাঘাটত এবছৰত ৮ টা বন্যহস্তীৰ মৃত্যু

সেউজী পাতৰ মাজে মাজে বৃহৎ বন্যহস্তীৰ জাকৰ মুক্ত বিচৰণ - Wild elephant Menace

ABOUT THE AUTHOR

...view details