অসম

assam

ETV Bharat / videos

তীব্ৰবেগী ৰে’লৰ খুন্দাত প্ৰাপ্তবয়স্ক বনৰীয়া হাতীৰ মৃত্যু - Wild Elephant Killed

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 5:32 PM IST

মৰিগাঁও, 10 জুলাই : মৰিগাঁও-কামৰূপ জিলাৰ সীমান্তৰ টেঘেৰীয়াত বুধবাৰে পুৱতি নিশা উজনিমুৱা তীব্ৰবেগী ৰে’লৰ খুন্দাত এটা প্ৰাপ্তবয়স্ক হাতীৰ মৃত্যু হয় ৷ বনৰীয়া হাতীটোৱে ৰে’ল লাইন অতিক্ৰম কৰিবলৈ লওঁতেই এই দুৰ্ঘটনা সংঘটিত হয় ৷  

জানিব পৰা মতে বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা দুটাকৈ হাতীয়ে পুৱতি নিশা টেঘেৰীয়া গাঁৱৰ কেবাটাও পৰিয়ালৰ ঘৰত ধান-চাউল খাই লণ্ড-ভণ্ড কৰে ৷ ইয়াৰ পিচতে হাতী দুটাই গাঁও এৰি ৰে’ল লাইন পাৰ হ'ব বিচৰাৰ সময়তে উজনিমুৱা ৰে’লৰ খুন্দাত প্ৰাপ্তবয়স্ক হাতীটোৰ মৃত্যু হয় ৷  

ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত ৰে’ল আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হয় ৷ স্থানীয় ৰাইজৰ মতে শেহতীয়াকৈ খাদ্যৰ সন্ধানত সোণাইকুছি বনাঞ্চলৰ পৰা মাজে মাজে হাতীৰ জাক ওলাই আহি টেঘেৰীয়াৰ লগতে চুবুৰীয়া গাঁৱত উপদ্ৰব চলাই আহিছে ৷ এনেদৰে হাতীৰ অঞ্চলটোত উপদ্ৰৱ চলোৱাত চিন্তিত হৈ পৰিছে গাঁওবাসী ৷  

ইতিমধ্য ঘটনাস্থলী বনবিভাগৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : আঘাতপ্ৰাপ্ত পহুক উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা প্ৰদান বাৰেকুৰিবাসীৰ - Assam Flood 2024

ABOUT THE AUTHOR

...view details