অসম

assam

নলবাৰী জিলা সাংবাদিক সন্থাৰ বিশ্বকৰ্মা পূজা সম্পন্ন - Vishwakarma Puja 2024

By ETV Bharat Assamese Team

Published : Sep 18, 2024, 12:15 PM IST

নলবাৰী জিলা সাংবাদিক সন্থা (ETV Bharat Assam)

নলবাৰী, ১৮ ছেপ্টেম্বৰ : মঙলবাৰে সম্পন্ন হ'ল বিশ্ব খনিকৰৰ পূজা । নলবাৰীত সংবাদকৰ্মী সকলেও অনুষ্ঠিত কৰিলে বিশ্ব খনিকৰৰ পূজা । সদৌ নলবাৰী জিলা সাংবাদিক সন্থাৰ সকলো বিষয়ববীয়া-সংবাদকৰ্মীয়ে উদযাপন কৰে বিশ্ব খনিকৰৰ পূজা । নলবাৰী নাট্যমন্দিৰৰ সন্মুখত প্ৰতিটো সংবাদ ক্ষেত্ৰৰ নিজৰ নিজৰ লগ', কেমেৰা আদিকে কৰি প্ৰতিবিধ সামগ্ৰীৰে পূজা কৰা হয় ।

পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে আৰম্ভ হয় সদৌ নলবাৰী জিলা সাংবাদিক সন্থাই আয়োজন কৰা বিশ্বকৰ্মা পূজাৰ । পূজাত হাজোৰ জাপিয়াৰ পাঠক তৃষ্ণামণি কলিতাৰ দলটোৱে পৰিৱেশন কৰে নাগাৰা নাম । তৃষ্ণামণি কলিতাই পৰিৱেশন কৰা নাগাৰা নামে ৰাইজক আপ্লুত কৰে । এই পূজাখনত চহৰখনৰ ভিন্ন প্ৰান্তৰ লোকৰ লগতে বিভিন্ন সংগঠন আদিৰ প্ৰতিনিধিসকল উপস্থিত থাকি বিশ্বকৰ্মাৰ আশিস গ্ৰহণ কৰে ।

লগতে পঢ়ক:গুৱাহাটীৰ বিশ্বকৰ্মা মন্দিৰত ভক্তৰ ভিৰ; জখলাবন্ধাত অসমীয়া সাজত বিশ্ব খনিকৰৰ প্ৰতিমা - Vishwakarma Puja 2024

বিশ্বকৰ্মাৰ আশীষ লৈ নগাঁও আৰক্ষীয়ে কৰিলে অস্ত্ৰ পূজা - Vishwakarma Puja 2024

ABOUT THE AUTHOR

...view details