কংগ্ৰেছ দলৰ নীতি-নেতা আৰু চৰিত্ৰ নাই: সৰ্বানন্দ সোণোৱাল - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024
Published : Apr 6, 2024, 10:43 PM IST
ডিব্ৰুগড়, 6 এপ্ৰিল: বিৰোধী ঐক্য মঞ্চ সম্পূৰ্ণৰূপে দিশহাৰা হৈ পৰিছে বুলি মন্তব্য কৰিছে সৰ্বানন্দ সোণোৱালে ৷ বিৰোধী ঐক্যৰ বিৰুদ্ধে 20 লাখ কোটি টকাৰ কেলেংকাৰীৰ ৰাজহুৱা অভিযোগ আছে বুলিও ক’লে ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীয়ে ৷
নীতি-নেতা আৰু চৰিত্ৰ নথকা দলে কেতিয়াও জনসাধাৰণৰ হৃদয় জয় কৰিব নোৱাৰে বুলি কংগ্ৰেছৰ আক্ৰমণ কৰে প্ৰাৰ্থীগৰাকীয়ে ৷ উল্লেখ্য যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপিৰ হেভী ৱেইট প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে দিনে-নিশাই প্ৰচাৰত ব্যস্ত হৈ পৰিছে । খোৱাং বিধানসভা সমষ্টিত শনিবাৰে চাৰিখনকৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।
কংগ্ৰেছৰ ভণ্ডামি, ভ্ৰষ্টাচাৰ অসমৰ ৰাইজে বুজি পায় বুলিও উল্লেখ কৰে সৰ্বানন্দ সোনোৱালে ৷ উল্লেখ্য নৱগঠিত খোৱাং বিধানসভা সমষ্টিৰ অন্তৰ্গত খোৱাং আজাৰগুৰিত অনুষ্ঠিত এই প্ৰচাৰসভাত সাংসদ ৰামেশ্বৰ তেলী, মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈও উপস্থিত থাকে ৷ সভাৰ পূৰ্বে গীতেৰে সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ চলাই জনপ্ৰিয় কণ্ঠশিল্পী জিতুল সোণোৱালে ৷
ভাষণ প্ৰসংগত সৰ্বানন্দ সোণোৱালে কয় যে বিজেপিৰ সুশাসনৰ ফলত ভাৰতবৰ্ষত এটাও পৰিয়াল নাই, যি ভোকত আছে ৷
লগতে পঢ়ক: গামোচা এতিয়া ৰাজনীতিৰ বিষয় ! সামাজিক মাধ্যমত ৰাজনীতিকৰ যুদ্ধ