অসম

assam

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 8:18 AM IST

ETV Bharat / videos

অসম মুণ্ডা মহাসভাৰ উদ্যোগত শ্বহীদ বীৰ বীৰছা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি - 124 th death anniversary of Birsa Munda

গোলাঘাট, 10 জুন: দেওবাৰে ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বীৰছা মুণ্ডাৰ 124 সংখ্যক শ্বহীদ দিৱস পালন ৷ বোকাখাত বৰচাপৰি চাহ বাগিচাৰ শ্ৰমিক প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় শ্বহীদ দিৱস । অসম মুণ্ডা মহাসভা, বোকাখাত আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বৰচাপৰি প্ৰাথমিক সমিতি আৰু মুণ্ডা ৰাইজৰ সহযোগত আঞ্চলিক ভিত্তিত অনুষ্ঠানটি উদযাপন কৰা হয় । 

পুৱাৰ ভাগত পতাকা উত্তোলনেৰে আৰম্ভ হয় শ্বহীদ দিৱসৰ কাৰ্যসূচীৰ । পৰৱৰ্তী সময়ত শ্বহীদ তৰ্পণ, গছপুলি ৰোপণ, মুকলি সভা আৰু কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় । এই কাৰ্যসূচীত অসম মুণ্ডা মহাসভা জিলা সমিতিৰ সভাপতি নিজেন মুণ্ডা, বোকাখাত আঞ্চলিক সমিতিৰ সভাপতি বাবলু মুণ্ডা, ভাৰপ্ৰাপ্ত সম্পাদক যোগেশ মুণ্ডা, উপদেষ্টা চানু চাংগা, আটছা বোকাখাত শাখাৰ সম্পাদক অমিত সাগৰ, অৱসৰপ্ৰাপ্ত শিক্ষক ধনীৰাম কুৰ্মীৰ লগতে অসম মুণ্ডা মহাসভা বোকাখাত আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: ইটিভি ভাৰত অসমৰ সাংবাদিকলৈ যুৱ সাংবাদিকতা বঁটা - Special award to ETV Bharat Assam journalist

ABOUT THE AUTHOR

...view details