বাছৰ খুন্দাত নিহত মহিলা; শিশুসহ আন দুগৰাকীৰ অৱস্থা সংকটজনক
Published : Nov 10, 2024, 10:38 AM IST
যোৰহাট : যোৰহাটৰ মাজমজিয়াত শোকাৱহ পথ দুৰ্ঘটনা । যাত্ৰীবাহী বাছে মহতিয়াই থৈ গ'ল শিশুসহ ৪ আৰোহীক । দুৰ্ঘটনাটোত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ কথা জানিব পৰা গৈছে । আৰক্ষীয়ে উল্লেখ কৰা মতে, নিৰ্মল চাৰিআলিত বিপৰীত দিশৰ পৰা আহি আছিল AS-০৩-BC-৫৩৮৮ নম্বৰৰ এখন যাত্ৰীবাহী বাছ । সেই সময়তে বিপৰীত দিশৰ পৰা আহি থকা AS-০৩-V-৫২৭৭ নম্বৰৰ স্কুটী এখনক তীব্ৰগতিত খুন্দা মাৰে বাছখনে । ফলত স্কুটীখনৰ ৪ আৰোহী ছিটিকি পৰে । স্কুটী আৰোহী কেইগৰাকী ক্ৰমে ছানিয়া বেগম, ৰিনা বেগম, জুনি বেগম আৰু আয়ুস শ্বেখ বুলি জানিব পৰা গৈছে ।
দুৰ্ঘটনাটোত আহতসকলক ততালিকে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় । কিন্তু দুৰ্ভাগ্যৱশতঃ চিকিৎসালয়তে ছানিয়া বেগম নামৰ মহিলাগৰাকীয়ে মৃত্যুক আঁকোৱালি ল'ব লগা হয় । আনহাতে মৃত মহিলাগৰাকীৰ ৪ বছৰীয়া সন্তানসহ আন দুগৰাকী লোক সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ।
দুৰ্ঘটনাত পতিত পৰিয়ালটো গোলাঘাটৰ বুলি জানিব পৰা গৈছে । অৱশ্যে যোৰহাটত ভাৰাতীয়া হিচাপে আছিল পৰিয়ালটো । প্ৰত্যক্ষদৰ্শীৰ মতে দুৰ্ঘটনা সংঘটিত কৰা বাছখন ভুল দিশেৰে আহি আছিল । ইতিমধ্যে আৰক্ষীয়ে বাছখন জব্দ কৰিছে ।
লগতে পঢ়ক :কৰ্কট ৰোগৰ সৈতে যুঁজি মৃত্যুৰ ওচৰত হাৰ মানিলে এগৰাকী চিকিৎসকে