অসম

assam

ETV Bharat / videos

'আমাৰ আলহী' আঁচনিৰ ২০২২-২৩ বৰ্ষৰ অনুমোদন পত্ৰ বিতৰণ পৰ্যটন মন্ত্ৰীৰ

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 9:59 PM IST

গুৱাহাটী,‌ ২৯ ফেব্ৰুৱাৰী : অসম পৰ্যটন উন্নয়ন নিগমৰ অধীনৰ আচঁনি 'আমাৰ আলহী' আঁচনিৰ ২০২২-২৩ বৰ্ষৰ অনুমোদন পত্ৰসমূহ বৃহস্পতিবাৰে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিতৰণ‌ কৰে । গুৱাহাটীত থকা নিগমৰ কাৰ্যালয়ত অনুষ্ঠিত কাৰ্যালয়ত অনুষ্ঠানত ৫ টা (১০জনীয়া) গোটলৈ এই বিশেষ সাহাৰ্য আগবঢ়োৱা হয় । এই গোটসমূহ হৈছে ডিমা হাছাও হাফলঙৰ Dima Hasao Adventure Association, কাৰ্বি আংলঙৰ Umswai Valley Green & Clean Protection Committee, চৰাইদেউৰ Siupaatphaa Social Welfare, মৰাণহাট, ডিব্ৰুগড়ৰ Dihing Patkai SHG, টিপাম ফাকিয়াল গাঁও, ‌মাজুলীৰ Chiram Social Foundation Deori Community ৷

অনুষ্ঠান ভাষণ দি পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে আলহী গ্ৰাম্য গৃহস্থ (Homestay) আঁচনিৰ লক্ষ্য হৈছে অসমৰ গ্ৰাম্যাঞ্চলৰ অতিথি গৃহৰ সুবিধাসমূহক এক নতুন মাত্ৰা প্ৰদান কৰি পৰ্যটনৰ সম্ভাৱনা আৰু গুৰুত্ব বৃদ্ধি কৰাৰ লগতে গ্ৰাম্য আৰু অৰ্ধ-নগৰাঞ্চলত শিক্ষিত যুৱক-যুৱতীসকলৰ বাবে স্ব-নিয়োজনৰ সুযোগ সৃষ্টি কৰা । এই আচঁনিৰ অধীনত প্ৰতিটো গোটক অসম চৰকাৰে ৯০ লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়াইছে । ভৱিষ্যতে এই আচঁনিখন‌ বিকাশ‌ কৰা‌ হ'ব বুলি তেওঁ সদৰী কৰে । অনুষ্ঠানত অসম পৰ্যটন উন্নয়নৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, উপাধ্যক্ষ দিলীপ দাস প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।

লগতে পঢ়ক : মণিৰাম দেৱান ট্ৰেড চেণ্টাৰ চৌহদত স্থাপন হ’ব মণিৰাম দেৱানৰ প্ৰতিমূৰ্তি

ABOUT THE AUTHOR

...view details