অসম

assam

ETV Bharat / videos

৩০ বছৰৰ প্ৰতীক্ষাৰ অন্তত তিৱা স্বায়ত্তশাসিত পৰিষদত অন্তৰ্ভুক্ত ধেমাজিৰ ২৮খন গাঁও - Tiwa Autonomous Council

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 10:38 PM IST

ধেমাজি, ১৭ আগষ্ট: সুদীৰ্ঘ ৩০ বছৰ প্ৰতীক্ষাৰ অন্তত তিৱা স্বায়ত্তশাসিত পৰিষদত অন্তৰ্ভুক্ত হ'ল ধেমাজিৰ তিৱা ৰাইজ । ইয়াৰ লগে লগে আনন্দৰ জোৱাৰ উঠিছে ধেমাজিৰ তিৱা অধ্যুষিত অঞ্চলত ৷ শনিবাৰে জিলাখনৰ ৰাইজে ঢোলে-দগৰে অদৰণি জনালে তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰক।  

উল্লেখ্য যে এইবাৰ তিৱা পৰিষদত ১১৩ খন গাওঁ নতুনকৈ অন্তৰ্ভুক্ত কৰিছে ৰাজ্য় চৰকাৰে । ইয়াৰ ভিতৰত ধেমাজিত ২৮ খন অন্তৰ্ভুক্ত হোৱাত পাৰভঙা উছাহ বৈছে ধেমাজিৰ তিৱা ৰাইজৰ মনত ৷ শনিবাৰে ধেমাজিত উপস্থিত হোৱা তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰসহ পৰিষদীয় সজাতি দলটোক উষ্ম আদৰণি জনায় । বৰদলনিৰ পৰা শ শ মটৰ চাইকেলেৰে সমদল কৰি মৰিধল লালুং তিনিআলিত আদৰণি জনাই তিৱা ছাত্ৰ সন্থাকে ধৰি ধেমাজি তিৱা ৰাইজে ।  

ইয়াৰে পিছতে লালুং তিনিআলিত অনুষ্ঠিত ৰাজহুৱা সভাত তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰসহ পৰিষদীয় সজাতি দলটোক সম্বৰ্ধনা জনোৱা হয় ৷ উল্লেখ্য যে ১৯৯৫ চনত গঠিত হৈছিল তিৱা‌ স্বায়ত্তশাসিত পৰিষদ । তেতিয়াৰে পৰা উজনি অসমৰ বহু গাঁও বঞ্চিত হৈছিল ।

লগতে পঢ়ক:মৰিগাঁৱৰ তিৱা স্বায়ত্তশাসিত পৰিষদৰ মাটিৰ পৰা বেদখলকাৰীক উচ্ছেদ

বিধানসভাৰ পুৰণি ভৱনত প্ৰথমবাৰৰ বাবে স্বায়ত্তশাসিত পৰিষদৰ সন্মিলন - Autonomous Councils Conference

ABOUT THE AUTHOR

...view details