অসম

assam

ETV Bharat / videos

দিন দুপৰতে বাহনৰ গ্লাছ ভাঙি চোৰে লুটিলে নগদ ধনসহ পিষ্টল - Theft Incident In Guwahati

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 6:09 PM IST

গুৱাহাটী, ৬ জুলাই : স্মাৰ্ট আৰক্ষীক প্ৰত্য়াহ্বান জনাই মহানগৰীত পুনৰ দিন দুপৰতে ধনৰ লগতে অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ লুটিলে চোৰে । নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা মহানগৰীৰ বেলতলাৰ ৱায়াৰলেছত শনিবাৰে সংঘটিত হৈছে এই ঘটনাটো । বাহনৰ গ্লাছ ভাঙি চোৰে লুটি নিলে নগদ ধনৰ লগতে অনুজ্ঞাপত্ৰ থকা এটা পিষ্টলসহ মূল্যবান কাগজ-পত্ৰৰ বেগ ৷

ঘটনাৰ বিৱৰণি অনুসৰি শনিবাৰে দুপৰীয়া প্ৰায় এক বজাত ৱাছিম হাজৰিকা নামৰ এজন লখিমপুৰৰ ব্যৱসায়ীয়ে বেলতলাৰ ৰাজপথৰ দাঁতিত AS 01 FW 0513 নম্বৰৰ বাহনখন ৰখাই সমীপৰে হোটেল এখনত প্ৰৱেশ কৰে ৷ ইয়াৰ পিচত ১৫-২০ মিনিট মানৰ ভিতৰত বাহনখনৰ ওচৰলৈ ঘূৰি আহে ব্যৱসায়ীজন ৷ কিন্তু তেওঁ ঘূৰি আহি দেখে যে বাহনখনৰ গ্লাছ ভাঙি কোনো লোকে ছীটৰ ওপৰত থৈ যোৱা টকা আৰু নথি-পত্ৰৰ বেগটোৰ লগতে .৩২ এম এম পিষ্টলটো লৈ উধাও হয় ৷ এই ঘটনাৰ খবৰ লাভ কৰি দিছপুৰ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ৷ 

লগতে পঢ়ক:চোৰে লুটিলে ২৫ লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ-নগদ ধন - Theft Incident In Guwahati

পথ এৰি পথাৰ পালেগৈ চুৰি ছাগলীসহ বিলাসী বাহন - Theft In Mariani

শ্ৰীশ্ৰীৰাধাকৃষ্ণ মন্দিৰত চুৰি - Theft Incident In Teok

ABOUT THE AUTHOR

...view details