অসম

assam

ETV Bharat / videos

আনক সুখী কৰি সুখী হ’ব খোজা এজন যুৱকৰ বিশেষ সফলতাৰ কাহিনী... - MBBS final result

By ETV Bharat Assamese Team

Published : May 3, 2024, 12:25 PM IST

টীয়ক, 3 মে’ : টীয়কৰ জগদুৱাৰ-বনাই পথৰ নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক যজ্ঞোৰাম কলিতা আৰু নিৰু কলিতাৰ একমাত্ৰ সন্তান মধুসূদন কলিতাই যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা সদ্য ঘোষিত এম.বি. বি. এছ.পাঠ্যক্ৰমৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থান লাভ কৰি উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে । খবৰটো বিয়পি পৰাৰ লগে লগে সমগ্ৰ টীয়কবাসী উৎফুল্লিত হৈ পৰিছে আৰু এয়া সকলোৰে বাবে অতি গৌৰৱৰ ক্ষণ বুলি অভিহিত কৰিছে ।

উল্লেখ্য যে, জীৱনৰ আদিপাঠ বানবিধস্ত অঞ্চল ৰূপহীমুখৰ এখন প্ৰাথমিক বিদ্যালয়ৰ পৰা পাতনি মেলি পৰৱৰ্তী সময়ত টীয়কৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান জ্যোতি বিদ্যাপীঠৰ পৰা সুখ্যাতিৰে মেট্ৰিক আৰু ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক একাডেমীৰ পৰা হায়াৰ ছেকেণ্ডেৰীত উত্তীৰ্ণ হয় ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰি আজি এম বি বি এছৰ চূড়ান্ত পৰীক্ষাত এইদৰে ৰাজ্যৰ ভিতৰত তৃতীয় স্থান দখল কৰি নিজৰ মেধাশক্তিৰ পৰিচয় দাঙি ধৰিছে মধুসূদন কলিতাই ।

ইপিনে ভৱিষ্যতে এগৰাকী মেডিচিন বিভাগৰ চিকিৎসক হিচাপে কাম কৰি বিশেষকৈ গ্ৰাম্যাঞ্চলসমূহত চিকিৎসা সেৱা আগবঢ়াই ৰাইজক সেৱা কৰি যোৱাৰ আশা প্ৰকাশ কৰিছে ছাত্ৰ মধুসূদন কলিতাই । সকলোৰে আশীৰ্বাদ কামনা কৰিছে মধুসূদন ।

লগতে পঢ়ক : ম’বাইল ফোনেৰে কথা পাতি গৈ আছিল লোক, মহতিয়াই নিলে ৰে’লে - Train Hits Man

ABOUT THE AUTHOR

...view details