অসম

assam

ETV Bharat / videos

গুজৰাটত ৰঙৰ সলনি মুলতানি মাটিৰে হোলী উদযাপন - Holi celebration with multani mitti

By ETV Bharat Assamese Team

Published : Mar 25, 2024, 10:55 PM IST

নেশ্যনেল ডেস্ক, 25 মাৰ্চ : আজি ৰঙৰ উৎসৱ ফাকুৱা ৷ সমগ্ৰ দেশজুৰি উদযাপন কৰা হৈছে এই ৰঙৰ উৎসৱ ৷ দেশৰ ভিন্ন প্ৰান্তৰ লগতে গুজৰাটতো আজি হোলী উদযাপন কৰিছে গুজৰাটবাসীয়ে । আহমেদাবাদৰ বিভিন্ন স্থানত হোলী কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । হোলীৰ ৰং আৰু ডিজেৰ সুৰেৰে হোলী উদযাপন কৰা দেখা গৈছে সকলোকে ৷ পুৱাৰে পৰা সকলো লোকে বন্ধুবৰ্গ আৰু পৰিয়ালৰ সৈতে হোলী উৎসৱ উদযাপন কৰিছে । 

যদিও হোলীৰ এই ক্ষণত সকলো ঠাইতে ৰঙেৰে হোলী খেলা হৈছিল, গুজৰাটৰ চুৰাটত আয়োজিত এক হোলী কাৰ্যসূচীত উপস্থিত লোকসকলে মুলতানি মাটিৰে হোলী খেলি থকা দেখা গৈছিল । মুলতানি মাটি ছালৰ বাবে অতি উপকাৰী । সাধাৰণতে ৰাসায়নিক পদাৰ্থৰে তৈয়াৰ কৰা ৰঙে ছালৰ ক্ষতি কৰে, সেয়েহে চুৰাটৰ লোকসকলে এইবৰ্ষত ৰঙৰ সলনি পৰীক্ষামূলকভাৱে মুলতানি মাটিৰে হোলী উদযাপন কৰে ৷

লগতে পঢ়ক: আবিৰৰ ৰঙেৰে ৰঙীন মহানগৰীৰ আকাশ-বতাহ - Holi 2024

ABOUT THE AUTHOR

...view details