পশ্চিমবংগৰ ধৰ্ষণ-হত্যাৰ ঘটনাৰ ন্যায়ৰ দাবীত শিক্ষাৰ্থীৰ প্ৰতিবাদ - Students protest in lakhimpur
Published : Aug 20, 2024, 10:28 PM IST
লখিমপুৰ, 20 আগষ্ট: কলকাতাৰ আৰ জি কৰ হাস্পতালৰ কৰ্তব্যৰত প্ৰশিক্ষাৰ্থী চিকিৎসকক যৌন উৎপীড়ন চলাই নৃশংসভাৱে হত্যা কৰাৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল হৈ আছে সমগ্ৰ দেশৰ লগতে ৰাজ্য । এই ঘটনাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে দেশ তথা ৰাজ্যৰ চিকিৎসক, দল-সংগঠন তথা সাধাৰণ ৰাইজ । অভয়াকাণ্ডৰ ন্যায় আৰু মহিলাৰ সুৰক্ষাৰ দাবীত ৰাজপথত মঙলবাৰৰ সন্ধিয়া প্ৰতিবাদ সাব্যস্ত কৰিলে লখিমপুৰ জিলাৰ শিক্ষাৰ্থীসকলে ।
লখিমপুৰ বিশ্ববিদ্যালয়, বালিকা মহাবিদ্যালয় আৰু বাণিজ্য মহাবিদ্যালয়ৰ ছাত্র সমাজে নাৰকীয় কাণ্ডটোৰ প্ৰতিবাদ জনাই দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায় । ‘উই ৱান্ট জাষ্টিচ,’ ‘মমতা চৰকাৰ গ’ বেক’ শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ছাত্র সমাজে ।
ছাত্র সমাজে পশ্চিমবংগ চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰকো কঠোৰ ভাষাৰে সমালোচনা কৰে ৷