গুৱাহাটীত শিশু শ্ৰমিক ৰোধ-নিৰ্মূলৰ বিষয়ক ৰাজ্যিক পৰ্যায়ৰ বিশেষ আলোচনা চক্ৰ - শিশু শ্ৰমিক ৰোধ আৰু নিৰ্মূল
Published : Feb 19, 2024, 9:21 PM IST
গুৱাহাটী, ১৯ ফেব্ৰুৱাৰী : মহানগৰীৰ বেলতলাস্থিত হোটেল গ্ৰেণ্ডৰ ভৱেন্দ্ৰ আলয়ত সোমবাৰে অনুষ্ঠিত হয় শিশু শ্ৰমিক ৰোধ বিষয়ত ৰাজ্যিক পৰ্যায়ৰ বিশেষ আলোচনা চক্ৰ । শিশু শ্ৰমিক ৰোধ আৰু নিৰ্মূলকৰণ এই আলোচনা চক্ৰৰ মূল বিষয়বস্তু ৷ জানিব পৰা মতে, অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগে আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ লগতে ৰাষ্ট্ৰীয় কাৰ্য আৰু সমন্বয় গোটৰ সহযোগত অনুষ্ঠিত হয় এই বিশেষ আলোচনা চক্ৰখন ।
দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো যথেষ্ট পৰিমাণে আছে শিশু শ্ৰমিক । সৰু বৰ উদ্যোগৰ লগতে চাহ বাগানত থকা শিশু শ্ৰমিক ৰোধ সন্দৰ্ভতো আলোচনা কৰা হয় এই আলোচনা চক্ৰত । এই আলোচনাত NACG-EVAC ৰ অধ্যক্ষ সঞ্জয় গুপ্তা, মানৱ অধিকাৰ আয়োগ বিষয়া বি কে গোৱেল, অৱসৰপ্ৰাপ্ত IPS বিষয়া ড৹ শ্যামল প্ৰসাদ শইকীয়া, শ্ৰমিক উন্নয়ন বিভাগৰ আয়ুক্ত অনামিকা তিৱাৰীৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ বিষয়া, আৰক্ষী তথা অসম ৰাজ্যিক শিশু সুৰক্ষা সমিতি, আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সন্থা, শ্ৰম বিভাগৰ বিষয়াসকলো উপস্থিত থাকে ।
উল্লেখ্য যে এই মাহৰ অন্তত শিশু শ্ৰমিক তথা শিশুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে পূৰ্বতকৈ অধিক বিহীত ব্যৱস্থা লোৱা হ’ব ৷ ইয়াৰ উপৰিও ইয়াক নিৰ্মূল কৰাৰ বাবে অভিযান চলাব এই বিভাগে ৷
লগতে পঢ়ক : কংগ্ৰেছে সদায় আঞ্চলিকতাবাদক সন্মান জনাই আহিছে : আব্দুৰ ৰচিদ মণ্ডল