অসম

assam

By ETV Bharat Assamese Team

Published : Jul 29, 2024, 6:56 PM IST

Updated : Jul 29, 2024, 8:10 PM IST

ETV Bharat / videos

মাতৃক চিকিৎসাৰ বাবে দিল্লীলৈ নিয়া মঙলদৈৰ যুৱকৰ হায়দৰাবাদত মৃত্যু - Assam youth dies in Hyderabad

মঙলদৈ, 29 জুলাই: মঙলদৈ মিলনপুৰৰ ভোগেশ্বৰী নাথ নামৰ মহিলা এগৰাকীক যোৱা ৫ জুনত চিকিৎসাৰ বাবে দিল্লীলৈ লৈ গৈছিল পুত্ৰ ধ্ৰুৱজ্যোতি নাথে । কিন্তু মাতৃৰ চিকিৎসা চলি থকাৰ মাজতে পুত্ৰ ধ্ৰুৱজ্যোতি নাথ জ্বৰ, জণ্ডিচ ৰোগত ভুগি গুৰুতৰভাৱে অসুস্থ হৈ পৰে । একাংশৰ পৰামৰ্শ মতে জ্বৰ, জণ্ডিচ ৰোগত আক্ৰান্ত ধ্ৰুৱজ্যোতিক ২৪ জুলাইত হায়দৰাবাদৰ এ আই জি হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও অবিবাহিত ধ্ৰুৱজ্যোতি নাথৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ।

মাতৃক দিল্লীৰ অসম ভৱনত ৰাখি ধ্ৰুৱজ্যোতিয়ে চিকিৎসা কৰি আছিল । মাতৃ বৰ্তমানেও দিল্লীৰ অসম ভৱনতেই আছে । মাতৃয়ে নাজানে পুত্ৰৰ মৃত্যু হোৱাৰ কথা । ইফালে এ আই জিত ধ্ৰুৱজ্যোতি নাথৰ চিকিৎসাৰ প্ৰায় ৪ লাখ টকাৰ বিল অনাদায় হৈ থকাত সম্প্ৰতি মৃতদেহটো চিকিৎসালয়তে আছে । 

ধ্ৰুৱজ্যোতি নাথৰ মৃতদেহটো নিজ ঘৰলৈ অনাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ চৰকাৰ, প্ৰশাসনক কাতৰ আহ্বান ঘৰখনত থকা একমাত্ৰ ভনীয়েকৰ । অৱশ্যে দিল্লীৰ অসম ভৱনৰ বিষয়া-কৰ্মচাৰী আৰু মঙলদৈ মিলনপুৰৰ একাংশ লোকে মাতৃক ঘৰলৈ অনাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে যদিও সেয়া পৰ্যাপ্ত নহয় । এইক্ষেত্ৰত ৰাইজৰো সহযোগিতা কামনা কৰিছে পৰিয়ালৰ লোকে ।

লগতে পঢ়ক: উত্তাল মঙলদৈ : বিদ্য়ালয় প্ৰধানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ - Tense situation at Mangoldoi

Last Updated : Jul 29, 2024, 8:10 PM IST

ABOUT THE AUTHOR

...view details