অসম

assam

ETV Bharat / videos

চৰকাৰী ধন আত্মসাৎ; মাজুলীত আটক সমাজ কল্যাণ বিভাগৰ কৰ্মচাৰী

By ETV Bharat Assamese Team

Published : 4 hours ago

মাজুলী : চৰকাৰী ধন আত্মসাৎ কৰি পুনৰ আৰক্ষীৰ জালত অসম চৰকাৰৰ কৰ্মচাৰী ! এইবাৰ মাজুলীত সংঘটিত হৈছে এই ঘটনা । সত্ৰ নগৰী মাজুলীত চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰে সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত জিলা শিশু সুৰক্ষা গোটৰ কৰ্মচাৰী । অবিনাশ শইকীয়া নামৰ ঠিকাভিত্তিক কৰ্মচাৰীজনৰ বিৰুদ্ধে প্ৰায় ডেৰলাখ চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে ।

জিলা শিশু সুৰক্ষা গোটৰ ভাৰপ্ৰাপ্ত বিষয়া সংগীতা বৰুৱাৰ অভিযোগৰ ভিত্তিতে অবিনাশ শইকীয়াক গড়মূৰ আৰক্ষীয়ে কমলাবাৰী কাঠনিবাৰী গাঁৱৰ বাসগৃহৰ পৰা আটক কৰে । সম্প্ৰতি গড়মূৰ আৰক্ষী থানাত আৰক্ষীয়ে অবিনাশক ঘটনা সন্দৰ্ভত সোধাপোছা অব্যাহত ৰাখিছে । এই সন্দৰ্ভত গড়মূৰ আৰক্ষী থানাত কেইবাটাও ধাৰাত গোচৰ ৰুজু হৈছে ।

লগতে পঢ়ক :অনুপ্ৰৱেশৰ চেষ্টা; কৰিমগঞ্জত আটক বাংলাদেশী নাগৰিক

ABOUT THE AUTHOR

...view details