ETV Bharat / entertainment

থিয়েটাৰৰ টিকট নাপাই ৰণচণ্ডী মূৰ্তি ধৰিলে দৰ্শকে

নলবাৰীৰ নিজ পকোৱাত আৱাহন থিয়েটাৰৰ টিকট বিচাৰি হাহাকাৰ দৰ্শকৰ । টিকট নাপায় টিকট কাউণ্টাৰকে ভাঙিলে দৰ্শকে ।

author img

By ETV Bharat Entertainment Team

Published : 3 hours ago

disturbing situation at nalbari Abahan Theatre ticket counter
ৰণচণ্ডী মূৰ্তি ধৰিলে দৰ্শকে (ETV Bharat Assam)

নলবাৰী : পুনৰ ভ্ৰাম্যমাণ জগতলৈ যেন ঘূৰি আহিছে নাট্যপ্ৰেমী দৰ্শকৰ সঁহাৰি । নাটক চাই ভাল পোৱা লোকে এটা টিকটৰ বাবে কৰিবলগীয়া হৈছে হাহাকাৰ । শেহতীয়াকৈ টিকট নাপাই অস্থায়ী টিকট ঘৰ ভঙাৰ খবৰ আহি পৰিছে । নলবাৰীৰ ভিন্ন প্ৰান্তত চলি থকা অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যগোষ্ঠী আৱাহন থিয়েটাৰত দেখা গৈছে এনে এক পৰিস্থিতি ।

নলবাৰীৰ নিজ পকোৱা থান উন্নয়ন সমিতি আৰু নিজ পকোৱা স্প’ৰ্টছ ক্লাবৰ সাহায্যৰ্থে 64 সংখ্যক ৰাজহুৱা লক্ষ্মী মন্দিৰত চলি থকা আৱাহন থিয়েটাৰৰ মেডাম মেনকাৰ টিকট বিচাৰি দৰ্শকৰ হাহাকাৰ ৷ পুৱা পাঁচ বজাৰ পৰা দৰ্শকৰ টিকট বিচাৰি লানি নিচিঙা সোঁত আৰু দীঘলীয়া শাৰী ৷

18 অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ নিজ পকোৱা লখিমী পথাৰত চলি থকা আৱাহন থিয়েটাৰৰ আজি দ্বিতীয়টো দিনত টিকট বিচাৰি সৃষ্টি হয় এক অনাকাংক্ষিত পৰিস্থিতিৰ ৷ আজি নাট্যগোষ্ঠীটোৰ মেডাম মেনকা নামৰ নাটখন চাবলৈ দৰ্শকে পুৱা 5 বজাৰ পৰা টিকট ঘৰত শাৰী শাৰীকৈ থিয় হৈ টিকট বিচাৰে যদিও আঠ বজাত এটা টিকট কাউণ্টাৰত টিকট শেষ হোৱাত দৰ্শকৰ মাজত হাহাকাৰ লাগে ৷ যাৰ বাবে সৃষ্টি হয় অভাৱনীয় পৰিস্থিতিৰ । উল্লেখ্য যে, তিনিটা নিশাৰ বাবে নলবাৰী জিলাৰ পকোৱাত আমন্ত্ৰিত আছিল আৱাহন থিয়েটাৰ । আজি তেওঁলোকৰ দ্বিতীয়টো নিশা আৰু এই বৰ্ষৰ বহুচৰ্চিত মেডাম মেনকা নামৰ নাটখন মঞ্চস্থ হোৱাৰ দিন । তাৰ পূৰ্বেই ঘটা এই পৰিস্থিতিলৈ লক্ষ্য ৰাখি মেডাম মেনকা নাটখনৰ এটা দৰ্শনী বঢ়াই দিয়াৰ সম্ভাৱনা আহি পৰিছে ।

লগতে পঢ়ক : সপ্তাহত কেইবাখনো ছবিয়ে মুক্তি লাভ কৰে, পিছে সঠিকৰূপত চলিছেনে ছবিবোৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.