অসম

assam

ETV Bharat / videos

উচ্চতম ন্যায়ালয়ৰ ৰায়ক অন্য দৃষ্টিভংগীৰে বিশ্লেষণ উপমন্যু হাজৰিকাৰ

By ETV Bharat Assamese Team

Published : 4 hours ago

গুৱাহাটী,১৭ অক্টোবৰ: বিদেশী বহিষ্কাৰৰ ভিত্তিবৰ্ষ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে আজি দিয়া ৰায়দানক অন্য এক দৃষ্টিকোণেৰে বিশ্লেষণ কৰিছে প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক তথা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই । 

নিজৰ প্ৰতিক্ৰিয়াত তেওঁ কয় - "আজি উচ্চতম ন্যায়ালয়ে ১৯৫১ চনৰ ভিত্তিবৰ্ষ নাকচ কৰি ১৯৭১ চনেই ৰাখিলে । যদিও পৰাজিত হ'ল কিন্তু ‌আচল ১৯৫১ চনৰ নায়ক হৈছে মতিউৰ ৰহমান । অসম সন্মিলিত মহাসংঘৰ লগতে তেওঁৰ সতীৰ্থসকলে অকলে এই যুঁজখন আগুৱাই নিছিল । তেওঁলোকে কাৰো পৰা চান্দা তোলা নাছিল । তেওঁলোকে কোনো পৰিচয় গঢ় নিদিলে, টকা-পইচা নঘটিলে । তেওঁ কোনো মন্ত্ৰী-বিধায়ক নহ'ল । 

কিন্তু অসম আন্দোলনৰ প্ৰকৃত লক্ষ্য-উদ্দেশ্যক সফল কৰাৰ বাবে তেওঁলোকে আগবাঢ়িলে । তেওঁলোকে বহুখিনি সফলো হৈছিল । সেই আশা-আকাংক্ষা পাঁচজনীয়া বিচাৰপীঠে নাকচ কৰা নাই । ১৯৫১ চনৰ আশা-আকাংক্ষা যদি নাকচ কৰিছে তেন্তে সেয়া নাকচ কৰিছে আমাৰ নিজৰ নেতাসকলে । কিন্তু অসম চুক্তি স্বাক্ষৰ কৰা আছু, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ সকলোৱে ১৯৫১ চনৰ তীব্ৰ বিৰোধিতা কৰিলে আৰু ১৯৭১ চনৰ সপক্ষে শপতনামা দিলে । এই বিষয়টো লৈ জাতীয় সংগঠনৰ নেতাই নিজৰ পৰিচয় গঢ়িলে, তেওঁলোক নিজৰ লাভত থাকিল । জাতিৰ স্বাৰ্থক জলাঞ্জলি দিলে ৷" 


লগতে পঢ়ক: অবৈধ নাগৰিকৰ পক্ষতে উচ্চতম ন্যায়ালয়ে ৰায়দান কৰিলে: মতিউৰ ৰহমান

ABOUT THE AUTHOR

...view details