অসম

assam

ETV Bharat / videos

মনত উৎকণ্ঠা-উৎসাহ লৈ ভোট দিলে ন-ভোটাৰে - Lok Sabha elections 2024

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 6:10 PM IST

ধেমাজি/শিৱসাগৰ, ১৯ এপ্রিল: আজি অনুষ্ঠিত হ'ল লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । অসমৰ ৫ টা লোকসভা সমষ্টিত অনুষ্ঠিত হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া । ৩৫ গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যৎ নিৰ্ণয় কৰিব ৮৬,৪৭,৮৬৯ গৰাকী ভোটাৰে ৷ মনত বহু উৎকণ্ঠা আৰু উৎসাহ লৈ ভোট দিবলৈ আহিল নতুন ভোটাৰে । প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি পুৱাৰে পৰা ১২নং লখিমপুৰ লোকসভা সমষ্টিৰ অধীনৰ নৱগঠিত চিচিবৰগাঁও বিধানসভা সমষ্টিৰ চিৰিপানী দেউৰী প্ৰাথমিক বিদ্যালয়ৰ তিনিটা ভোটগ্ৰহণ কেন্দ্ৰত পুৱাৰে পৰা ভোটাৰৰ দীঘলীয়া শাৰী দেখা যায় ৷ দুপৰীয়া স্থানীয় দেউৰী জনগোষ্ঠীৰ ন-ভোটাৰ যুৱতীসকলে মনত বহু উৎকণ্ঠা আৰু উৎসাহ লৈ ভোটাধিকাৰ সাব্য়স্ত কৰিবলৈ আহে ৷ তেওঁলোকে জীৱনত প্ৰথমবাৰৰ বাবে ভোটদান কৰি আনন্দিত হোৱা বুলি কয় ।

ইপিনে,যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচনত ভোটাৰ ৰাইজৰ ব্যাপক উৎসাহ পৰিলক্ষিত হয় । বিশেষকৈ নতুন ভোটাৰৰ বাবে এই নিৰ্বাচন এক আৱেগ ভৰা উৎসৱ হৈ পৰিছে । শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মগৰাহাটৰ পাভজান প্ৰাথমিক বিদ্যালয়ত নতুন ভোটাৰে সাহসী আৰু যোগ্যজনক এইবাৰ নিজৰ পচন্দৰ ভোট দিয়া বুলি কয় । নতুন ভোটাৰে নতুন চিন্তাত নতুন সমাজ গঢ়াৰ বাবে ভোট প্ৰদান কৰিব বুলিও কয় ।

লগতে পঢ়ক:আৰম্ভ ভোটযুদ্ধ : কোন কোন বিধায়কে সাব্যস্ত কৰিলে ভোটাধিকাৰ ? 

ABOUT THE AUTHOR

...view details