অসম

assam

ETV Bharat / videos

ধাৰাসাৰ বৰষুণতে হয়তো পাৰ হ’ব হোলী - weather forecast in north east - WEATHER FORECAST IN NORTH EAST

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 8:26 PM IST

মিৰ্জা, 21 মাৰ্চ : ৰঙৰ উৎসৱ হোলীৰ বাবে গোটেই বছৰজুৰি ৰৈ থাকে সকলো ৷ মাজত মাথো আৰু তিনিটা দিন ৷ সোমবাৰে সমগ্ৰ দেশে উদযাপন কৰিব হোলী ৷ পিছে সপ্তাহৰ আৰম্ভণিতে এইবছৰ হোলীৰ দিন পৰাৰ বাবে বহুতেই দেওবাৰে উদযাপন কৰিব হোলী ৷  মানুহৰ লগতে যেন হোলীক লৈ সাজু হৈছে বতৰো ৷ এইবাৰ হোলী উদযাপনত ব্যাঘাত জন্মাব পাৰে বতৰে ।

ৰাজ্যত পুনৰ আগন্তুক পাঁচদিনলৈ বৰষুণ অহাৰ আগজাননী দিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । অহা 24 ঘণ্টাৰ ভিতৰত অসম, মেঘালয়কে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিভিন্ন স্থানত মজলীয়া ধৰণৰ বৰষুণ হোৱাৰ উপৰিও কিছু কিছু ঠাইত ধাৰাসাৰ বৰষুণ হোৱাৰো সম্ভাৱনা আছে ।

ঠিক তেনেদৰে 22 আৰু 23 মাৰ্চত অসম মেঘালয়ৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিভিন্ন স্থানত মজলীয়া বৰষুণৰ লগতে কিছু স্থানত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগজাননী জাৰি কৰিছে বতৰ বিজ্ঞানীয়ে । আজিৰে পৰা অহা 23 মাৰ্চলৈ ৰাজ্যৰ বিভিন্ন স্থানত মজলীয়া বৰষুণ আহিব যদিও 24 আৰু 25 মাৰ্চত ৰাজ্যৰ লগতে মেঘালয় আৰু অৰুণাচলৰ দুই এঠাইত ধাৰাসাৰ বৰষুণৰ লগতে বিজুলী ঢেৰেকণি অহাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক : হোলীৰ আনন্দত লওক চুলিৰ বিশেষ যত্ন; ব্যৱহাৰ কৰক এই ৪বিধ তেল - Hair Care For Holi

ABOUT THE AUTHOR

...view details