বৰমাত আজিৰে পৰা আৰম্ভ ৰাস মহোৎসৱ
Published : 6 hours ago
বাক্সা: বাক্সা জিলাৰ বৰমাত আজিৰে পৰা ২১ নবেম্বৰলৈ আৰম্ভ হৈছে প্ৰথম বাৰ্ষিক বৰমা বৃহত্তৰ ৰাস মহোৎসৱ । বৰমাৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া ২১খনকৈ গাঁৱৰ ৰাইজৰ সহযোগত এইবাৰ ৰাস মহোৎসৱ অনুষ্ঠিত হৈছে । ১৫২টা মৃন্ময় মূৰ্তি, মীনা বজাৰ, ভাওনা, বিভিন্ন লোককৃষ্টি, ভ্ৰাম্যমাণ নাট্যদলৰ লগতে বিভিন্ন ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হ'ব ৰাস মহোৎসৱত ।
নিতৌ সহস্ৰাধিক ভক্তৰ সমাগম হোৱাৰ আশা প্ৰকাশ কৰিছে উদযাপন সমিতিয়ে । শুকুৰবাৰে পুৱা ধৰ্মীয় পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি অমৃত শৰ্মাই ৷ ইয়াৰ পিছতেই মূলদ্বাৰ মুকলি কৰে অতিৰিক্ত আয়ুক্ত জিতু কুমাৰ বৰ্মনে । আনহাতে, মূল মঞ্চ মুকলি কৰে পৰিষদীয় সমষ্টিৰ প্ৰাক্তন ই এম অনসুমৈ শুংগুৰ বড়োৱে । মন্দিৰৰ মুখ্যদ্বাৰ মুকলি কৰে সুমিত ৰাভাই ।