অসম

assam

ETV Bharat / videos

ৰাজহুৱা স্থানত ঠিকাদাৰৰ ফটো-হৰ্ডিং লগাই শ্ৰমিক বহিল প্ৰতিবাদত - Protest against contractor - PROTEST AGAINST CONTRACTOR

By ETV Bharat Assamese Team

Published : May 16, 2024, 10:15 PM IST

জোনাই, ১৫ মে': জোনাইৰ মুৰ্কংচেলেক ৰে'লৱে ষ্টেচনৰ সমীপৰ ৰাজহুৱা স্থানত ঠিকাদাৰৰ ফটো-হৰ্ডিং লগাই অৰ্ধশতাধিক শ্ৰমিকে ৰূপায়ণ কৰে অভিনৱ প্ৰতিবাদ । জানিব পৰা মতে বিগত ২০২৩ চনতে মুৰ্কংচেলেক ৰে'লৱে ষ্টেচনৰ ৰে'লৱে বিভাগৰ দ্বাৰা অনুমোদন কৰা প্ৰায় কোটিটকীয়া আঁচনিৰ এটা জিৰণি কক্ষৰ নিৰ্মাণৰ ঠিকা লাভ কৰিছিল চুবিলাল পাদুন নামৰ ঠিকাদাৰজনে । 

কিন্তু নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ লগতে আঁচনিখনৰ সমুদায় ধন মুকলি কৰি দিয়াৰ পিছতো আঁচনিখনৰ ঠিকাদাৰ তথা ধেমাজিৰ বাসিন্দা চুবিলাল পাদুনে কামত নিয়োজিত প্ৰায় অৰ্ধশতাধিক শ্ৰমিকৰ পাবলগীয়া সৰ্বমুঠ ৩২লাখ টকা মজুৰিৰ পৰা মাত্ৰ ৮ লাখ টকা শ্ৰমিকসকলক আদায় দি বাকী ২৪ লাখ টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ তুলিছে শ্ৰমিকসকলে ।  

এইক্ষেত্ৰত শ্ৰমিকসকলে নিজৰ প্ৰাপ্য বিচাৰি ঠিকাদাৰ চুবিলাল পাদুনৰ বাসগৃহত গৈ বাৰে বাৰে কাকূতি মিনতি কৰাৰ স্বত্বেও আজি এবছৰ পৰ্যন্ত কামত নিয়োজিত শ্ৰমিকসকলক এটকাও আদায় নিদিয়া বুলি জানিব পৰা গৈছে । যাৰ পৰিপ্ৰেক্ষিতত ভুক্তভোগী শ্ৰমিকসকলে আজি মুৰ্কংচেলেক ৰে'লৱে ষ্টেচনৰ জিৰণি কক্ষৰ দেৱালত ঠিকাদাৰজনৰ ফটো হৰ্ডিং লগাই নিজৰ প্ৰাপ্যধন বিচাৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি ঠিকাদাৰজনৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীৰে বিভাগীয় কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰ ।

লগতে পঢ়ক: প্ৰাপ্য বিচাৰি গহপুৰ হেলেম চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ - Tea Workers Protest

নুমলীগড় শোধনাগাৰৰ প্ৰৱেশদ্বাৰত আছুৰ উত্তাল প্ৰতিবাদ; বহিৰাগত ঠিকা শ্ৰমিক-কৰ্মচাৰীক প্ৰৱেশত বাধা - AASU Protest In Numaligarh Refinery

ABOUT THE AUTHOR

...view details