অসম

assam

গোলাঘাট নগৰত বোমা বিচাৰি সকলো চলাথ আৰক্ষীৰ - ULFA I Bomb plan

By ETV Bharat Assamese Team

Published : Aug 15, 2024, 5:08 PM IST

গোলাঘাট নগৰত বোমা বিচাৰি সকলো চলাথ আৰক্ষীৰ (ETV Bharat Assam)

গোলাঘাট, 15 আগষ্ট: আজি দেশৰ ৭৮ সংখ্যাক স্বাধীনতা দিৱস । সমগ্ৰ দেশৰ লগতে গোলাঘাট জিলাতো উলহ-মালহেৰ উদযাপন কৰা হৈছে এই স্বাধীনতা দিৱস । কিন্তু তাৰ মাজতে বিদ্ৰোহী সংগঠন আলফা(স্বাঃ)ই জাৰি কৰা এক বিবৃতিক লৈ এতিয়া সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলাতো আৰক্ষী আৰু জিলা প্ৰশাসনৰ মাজত তোলপাৰ লাগিছে । 

বিবৃতিত উল্লেখ কৰা অনুসৰি সমগ্ৰ অসমৰ লগতে গোলাঘাট আৰু সৰুপথাৰত দুটা স্থানত বোমা সংস্থাপনৰ উল্লেখ কৰা হৈছে ৷ কিন্তু গোলাঘাট জিলাত বোমা সংস্থাপন কৰা স্থান দুটা নিৰূপণ কৰিব পৰা নগ'ল বুলি উল্লেখ কৰে বিবৃতিটোত । তাৰ পাছতে গোলাঘাট নগৰৰ বিভিন্ন অঞ্চলত বোমা বিচাৰি চলাথ কৰিছে জিলা প্ৰশাসনে । গোলাঘাট নগৰৰ আদালতৰ সন্মুখত, অসম ৰাজ্যিক পৰিবহণ নিগমৰ আস্থান, ৰে’লৱে ষ্টেচন, মহকুমা বিষয়াৰ কাৰ্যালয়, বাছ আস্থানত বোমা বিচাৰি আৰক্ষী তৎপৰ হোৱা পৰিলক্ষিত হৈছে । একপ্ৰকাৰৰ আতংকৰ সৃষ্টি হৈছে গোলাঘাটত ।  

লগতে পঢ়ক: লখিমপুৰৰ দুটা স্থানত উদ্ধাৰ সন্দেহজনক বোমা - ULFA I bomb plans

আন এক ধেমাজিকাণ্ডৰ পৰা ৰক্ষা পৰিল অসম: 19 টা স্থানত আলফা(স্বাঃ)ই ৰাখি থোৱা বোমা নুফুটিল কাৰিকৰী কাৰণত - 78th Independence Day

ABOUT THE AUTHOR

...view details