অসম

assam

ETV Bharat / videos

হাতীগাঁৱত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 7:08 AM IST

গুৱাহাটী, ২০ ফেব্ৰুৱাৰী : মহানগৰীৰ হাতীগাঁৱত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী । হাতীগাঁও দক্ষিণগাঁৱৰ দোৱত বজাৰৰ সমীপত আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছখিনি । জানিব পৰা মতে হাতীগাঁও আৰক্ষীয়ে প্ৰথমে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই ৭ টাকৈ হেৰ’ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে । লগতে জব্দ কৰে নগদ প্ৰায় ১১ হাজাৰ টকা আৰু AS 01 DT 8861 নম্বৰৰ বাহনখন ৷

ড্ৰাগছসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনি ড্ৰাগছ ব্যৱসায়ীক । হাতীগাঁও দোৱত বজাৰত ড্ৰাগছখিনি বিক্ৰী কৰিবলৈ আহোতে আৰক্ষীয়ে ধৰা পেলাই তিনিওকে । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ ব্যৱসায়ী কেইজন হ’ল মহিদুল ইছলাম, নিজামুদ্দিন আৰু এগৰাকী মহিলা । পৰৱৰ্তী সময়ত মহিদুল ইছলামৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই পুনৰ জব্দ কৰে ২০ টা হে’ৰইন ভৰ্তি চাবোনৰ বাকচ । দীৰ্ঘদিন ধৰি হাতীগাঁও দক্ষিণগাঁও অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই গৈছিল এই ধৃত তিনি ড্ৰাগছ ব্যৱসায়ীয়ে । মহিদুল ইছলাম আৰু মহিলাগৰাকী সম্বন্ধত পতি-পত্নী । ইফালে ধৃত নিজামুদ্দিন পেছাত এজন ঔষধ বিতৰক ।

লগতে পঢ়ক : ড্ৰাগছসহ টেঙাখাত আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী টিটু বৰুৱা

ABOUT THE AUTHOR

...view details