অসম

assam

ETV Bharat / videos

জনজাতিকৰণৰ দাবীত জ্বলিল প্ৰধানমন্ত্ৰীৰ পুত্তলিকা

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 9:58 AM IST

সোণাৰি,১৬ ফেব্ৰুৱাৰী: পুনৰ লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্যত পুনৰ মুৰ দাঙি উঠিছে ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদানৰ প্ৰসংগ । অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা বিষয়টোক লৈ পুনৰ জনগোষ্ঠীয় সংগঠনসমূহ জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে । কিয়নো প্ৰতিখন চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ স্বীকৃতি প্ৰদানৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও সেই প্ৰতিশ্ৰুতি আজিও কাৰ্যকৰী নহ'ল । শাসনলৈ অহাৰ পুৰ্বে শাসক দল বিজেপিয়ে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও কাৰ্যতঃ সেইয়া কাৰ্যকৰী নকৰিলে ।  

ফলত লোকসভা নিবাৰ্চনৰ প্ৰাকক্ষণত ৰাজ্যৰ বিভিন্ন প্ৰান্তত টাই আহোমকে ধৰি ছয় জনগোষ্ঠীৰ দল-সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে । বৃহস্পতিবাৰে টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত তীব্ৰ প্ৰতিবাদ টাই আহোম যুৱ পৰিষদৰ । টাই আহোমসকলক জনজাতিকৰণ আৰু আহোমলেণ্ডৰ দাবীত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত টাইপাৰ । লোকসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নকৰিলে উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ । জনজাতিকৰণ নকৰিলে ১০০ ঘণ্টীয়া অসম বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈও কুণ্ঠাবোধ কৰা নহ'ব বুলি প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয় টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰে ।  

লগতে পঢ়ক: বিল্ডাৰ্ছ এছ'চিয়েচন অৱ ইণ্ডিয়া গুৱাহাটীৰ নতুন কমিটি গঠন

ABOUT THE AUTHOR

...view details