অসম

assam

ETV Bharat / videos

অখিল গগৈয়ে কাৰ কাৰ ৰাজনৈতিক ভৱিষ্যৎ ধ্বংস কৰিলে ? ক’লে পীযুষ হাজৰীকাই - Minister Pijush Hazarika

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 5:09 PM IST

গুৱাহাটী, ১৬ মাৰ্চ : দুই গগৈ অৰ্থাৎ গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈৰ ৰাজনৈতিক ভৱিষ্যৎ সম্পৰ্কে শনিবাৰে দুখ প্ৰকাশ মন্ত্ৰী পীযুষ হাজৰীকাৰ । প্ৰসংগক্ৰমে অখিল গগৈ সফল হোৱা বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই ৷

পীযুষ হাজৰিকাই তিনি গগৈ অৰ্থাৎ গৌৰৱ‌ গগৈ আৰু লুৰীণজ্যোতি গগৈ আৰু অখিল গগৈৰ প্ৰসংগ উল্লেখ কৰি কয়, ‘‘অখিল‌‌ গগৈয়ে দুই গগৈ অৰ্থাৎ গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈৰ ৰাজনৈতিক ভৱিষ্যৎ অসুৰক্ষিত কৰাৰ বাবে যি ষড়যন্ত্ৰ কৰিছিল তাত তেওঁ ‌সফল‌ হৈছে ।’’

যোৰহাটত প্ৰাৰ্থিত্ব লাভ কৰা গৌৰৱ গগৈ আৰু ডিব্ৰুগড়ত প্ৰাৰ্থিত্ব লাভ কৰা লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধে অখিল‌‌ গগৈয়ে ষড়যন্ত্ৰ কৰি তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যৎ বেয়া কৰিলে বুলি কয় পীযুষ হাজৰীকাই । তেওঁ দাবী কৰে যে গৌৰৱ গগৈয়ে ২ লাখ আৰু লুৰীণজ্যোতি গগৈয়ে চাৰিলাখ ভোটৰ‌ ব্যৱধানত পৰাজয় হ’ব ।

তদুপৰি পীযুষ হাজৰীকাই কয়, ‘‘কালি গৌৰৱ গগৈয়ে মাত্ৰ ৫০০ মানুহ লৈ তিতাবৰত প্ৰৱেশ কৰিছে । তাৰ পৰাই তেওঁৰ পৰাজয়ৰ যাত্ৰা আৰম্ভ হৈছে ।’’

লগতে পঢ়ক: পৰাজয়ৰ আশংকাত কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে সলাইছে সমষ্টি; সভাপতি ভৱেশ কলিতা

ABOUT THE AUTHOR

...view details