দুষ্কৃতিকাৰীৰ কোনো দল নাই: পীযুষ হাজৰীকা - JOURNALIST ATTACKED
Published : Oct 25, 2024, 11:38 AM IST
চামগুৰি/কাছাৰ : চামগুৰিত বৃহস্পতিবাৰে সংঘটিত হোৱা হিংসাত্মক ঘটনাত কেইবাজনো সাংবাদিক আহত হোৱা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া । বৃহস্পতিবাৰে কংগ্ৰেছে উলিওৱা সমলদৰ সময়ত বিজেপিৰ একাংশ সমৰ্থকে ৰেলীত বাধা প্ৰদান কৰাক লৈ সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ ।
আনকি বিজেপিৰ একাংশ সমৰ্থকৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীক আক্ৰমণ কৰাৰো অভিযোগ উত্থাপন হৈছে । বিজেপি সমৰ্থকৰ আক্ৰমণত চামগুৰিৰ কেইবাগৰাকী সাংবাদিকো আহত হয় । যাক লৈ স্থানীয় সংবাদ মহলত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ ।
লগে লগে চামগুৰিৰ সাংবাদিকসকলে সাব্যস্ত কৰে প্ৰতিবাদ । কিন্তু কিছু সময় পাচতেই সাংবাদিকৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিক আক্ৰমণত জড়িত দুষ্কৃতিকাৰীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকাই । দুষ্কৃতিকাৰীৰ কোনো দল নাই বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।
আনহাতে, হিংসাত্মক ঘটনাত কেইবাগৰাকীও সাংবাদিক আহত হোৱা ঘটনাৰ বিৰুদ্ধে বৃহস্পতিবাৰে সন্ধিয়া চামগুৰি আৰক্ষী থানাত চামগুৰি প্ৰেছ ক্লাৱৰ তৰফৰ পৰা দাখিল কৰে এজাহাৰ । ইফালে চামগুৰিত সাংবাদিকৰ ওপৰত বিজেপিৰ একাংশ নেতা-কৰ্মীৰ আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিয়ে কাছাৰ ই-মিডিয়া জাৰ্নালিষ্ট এছোছিয়েশ্যনে । দোষীক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ লগতে কঠোৰ শাস্তিৰ দাবী জনায় কাছাৰ ই-মিডিয়া জাৰ্নালিষ্ট এছোছিয়েশ্যনৰ সাংবাদিকসকলে ৷