শিলচৰত বিজেপিৰ আইটি চেলৰ মুৰব্বী অমিত মালব্য - Amit Malviya in Silchar - AMIT MALVIYA IN SILCHAR
Published : Jul 29, 2024, 3:37 PM IST
শিলচৰ, 29 জুলাই: বিজেপি চৰকাৰৰ নেতৃত্বত অসমসহ উত্তৰ-পূৱত উন্নয়নৰ জোৱাৰ বৈছে ৷ 70 বছৰ বঞ্চিত থকা উত্তৰ-পূৱত এতিয়া উন্নয়ন হৈছে ৷ শিলচৰ জিলা বিজেপি কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এই দাবী বিজেপিৰ আই টি চেলৰ ৰাষ্ট্ৰীয় কনভেনাৰ অমিত মালব্যৰ ৷
সংবাদমেলত মালব্যই কয়, "যোৱা 70 বছৰে বঞ্চিত কৰি ৰখা হৈছিল অসমসহ উত্তৰ-পূৱক ৷ কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এতিয়া উত্তৰ-পূৱৰ সকলো ৰাজ্যত উন্নয়ন হৈছে ৷ অসমত মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত উন্নয়ন হৈছে ৷ শিক্ষিত যুৱক-যুৱতীক স্ব-নিৰ্ভৰ কৰি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰে ইখনৰ পাচত সিখন আঁচনি গ্ৰহণ কৰিছে ৷ কৃষি আৰু কৃষকসকলৰ বাবেও বিভিন্ন জনমুখী আঁচনি গ্ৰহণ কৰা হৈছে ৷"
আই টি চেলৰ ৰাষ্ট্ৰীয় আহ্বায়কগৰাকীয়ে লগতে কয়, "বৰাক উপত্যকাকো উন্নয়নৰ শীৰ্ষত লৈ গৈছে মুখ্যমন্ত্ৰীয়ে ৷ ইষ্ট-ৱেষ্ট কৰিড’ৰৰ পৰা আৰম্ভ কৰি বৰাকৰ যোগাযোগ ব্যৱস্থা উন্নত কৰা বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বহু পৰিকল্পনা গ্ৰহণ কৰিছে ৷ অসমলৈ আৱন্টিত পুঁজিৰ পৰিমাণো পূৰ্বতকৈ বৃদ্ধি কৰা হৈছে ৷"