কৰ্মক্ষেত্ৰত শ্ৰমিকৰ ৰহস্যজনক মৃত্যু - Labour found dead
Published : Aug 20, 2024, 4:25 PM IST
গুৱাহাটী, 20 আগষ্ট: মহানগৰীত শ্ৰমিকৰ ৰহস্যজনক মৃত্যু ৷ কৰ্মস্থলীত পুৱাই উদ্ধাৰ শ্ৰমিকৰ নিথৰ দেহ ৷ মহানগৰীৰ চচলৰ আমতলত সংঘটিত হৈছে এই কৰুণ ঘটনাটো ৷ মৃত শ্ৰমিকজন হৈছে নাৰেংগীৰ শান্তি নগৰৰ অজিত বৰ্মন (30) ।
জানিব পৰা মতে, সোমবাৰৰ নিশা আহাৰ গ্ৰহণ কৰাৰ পাছত অজিত বৰ্মনে গেৰেজতে শুই থাকে । ইয়াৰ পাছত মঙলবাৰৰ পুৱাৰ ভাগত গেৰেজত শুই থকা অৱস্থাত শ্ৰমিকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰে গেৰেজটোৰ স্বত্বাধিকাৰী আব্দুল আলীয়ে । ততাতৈয়াকৈ আব্দুল আলীয়ে ঘটনা সন্দৰ্ভত দিছপুৰ থানাক অৱগত কৰে ৷ নিশাৰ ভাগত অত্যাধিক ড্ৰাগছ সেৱন কৰাৰ বাবেই শ্ৰমিকজনৰ মৃত্যু ঘটা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে যদিও আত্মীয় তথা স্থানীয় একাংশ লোকে এই অভিযোগ অস্বীকাৰ কৰিছে ৷
মহানগৰীৰ চচলৰ আমতলৰ ৰাজধানী গেৰেজত অজিত বৰ্মনে দীৰ্ঘদিন ধৰি শ্ৰমিক হিচাপে কাম কৰি আছিল বুলি জানিব পৰা গৈছে । ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।
চচলৰ আমতলত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ বেহাৰ লগতে নানান অসামাজিক কাৰ্যকলাপ চলি আহিছে বুলি স্থানীয় লোকে অভিযোগ তুলিছে ৷