অসম

assam

ETV Bharat / videos

ঠিকাদাৰক সন্তুষ্ট কৰিবলৈকে দীঘলীপুখুৰী পাৰৰ ২০০ বছৰীয়া গছ কাটিব বিচাৰিছে চৰকাৰে: গৌৰৱ গগৈ

By ETV Bharat Assamese Team

Published : 4 hours ago

বিশ্বনাথ:"ৰাইজে নিবিচৰা কাম চৰকাৰে কিয় কৰিব লাগে । ২০০ বছৰীয়া পুৰণি গছ কাটি চৰকাৰে কেইজনমান ঠিকাদাৰক কিয় সন্তুষ্ট কৰিবলৈ বিচাৰি আছে নাজানোঁ ।" দীঘলীপুখুৰীৰ পাৰত গছ কটা সন্দৰ্ভত বুধবাৰে সাংসদ গৌৰৱ গগৈয়ে আজি এই মন্তব্য কৰে ৷

বিশ্বনাথৰ বিহালীত নিৰ্বাচনী প্ৰচাৰ চলাই সাংসদ গৌৰৱ গগৈয়ে কয়, "মই স্থানীয় ৰাইজৰ আবেগ বুজি পাই এমাহ পূৰ্বেই মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছিলো ৷ এইয়া ৰাইজৰ আবেগৰ বিষয় ৷ ইয়াত কোনো পৰ্যায় আপোনালোক আগবাঢ়ি যাব নালাগে ৷ আজি এই কথা সঁচা প্ৰমাণিত হ’ল ৷"

তেওঁ লগতে কয়, "মই পুনৰ মুখ্যমন্ত্ৰী অনুৰোধ জনাও ৷ ইগ’ ইছ্যু ল’ব নালাগে ৷ ৰাইজৰ ৰজা হ’বলৈ এই ব্যৱহাৰ এৰি দিয়ক ৷ এতিয়া ডেৰ বছৰ সময় আছে অলপ ৰাইজৰ সেৱকৰ দৰে কাম কৰক ৷" 

লগতে পঢ়ক: জন্মদিনত পিতৃ তৰুণ গগৈক স্মৰণ গৌৰৱ গগৈৰ; পূজাৰ বতৰত গৌৰৱ গগৈয়ে সোৱাদ লোৱা নাই জিলাপিৰ !

ABOUT THE AUTHOR

...view details