অসম

assam

ETV Bharat / videos

চলংপথাৰত দুবৃৰ্ত্তই কাটি তহিলং কৰিলে বাৰীৰ কল-তামোল পুলি

By ETV Bharat Assamese Team

Published : 4 hours ago

তিতাবৰ, 18 অক্টোবৰ : বয়স হৈ আহিছে ৷ সেয়ে দিন হাজিৰা কৰিব নোৱাৰাত পৰিছে মেৰাপানীৰ চলংপথাৰৰ মুখেশ্বৰ বৰা ৷ তেওঁ ভৱিষ্যতৰ কথা ভাবি ঘৰৰ বাৰীতে ৰুইছিল কল, নাৰিকল, তামোল আদিৰ পুলি ৷ কিন্তু তেওঁৰ আশা, আশা হৈয়ে ৰ’ল ৷ কিয়নো বৃহস্পতিবাৰে নিশা দুবৃৰ্ত্তই কাটি তহিলং কৰিলে মুখেশ্বৰ বৰাৰ বাৰীৰ সকলো গছৰ পুলি ।

পুৱা বাৰীখন দেখি শোকত ভাগি পৰে খেতিয়কগৰাকী ৷ প্ৰায় দুই বিঘা মাটিত দুবছৰ পূৰ্বে ৰোপন কৰা তামোলৰ পুলিৰ লগতে অন্যান্য গছৰ পুলিবোৰ দুষ্কৃতিকাৰীয়ে কাটি পেলায় ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

মুখেশ্বৰ বৰাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে, উক্ত অঞ্চলটোত আছে বহু মদৰ ঘাটি ৷ এই মদৰ ঘাটিসমূহৰ বাবেই এনেধৰণৰ কাৰ্যকলাপ সংঘটিত হৈছে বুলি দাবী কৰে বৰাই ।

লগতে পঢ়ক : আশ্ৰয় ল’বলৈ গছৰ অভাৱ; পক্ষীৰ ভৰ সহিব নোৱাৰি ভাগি পৰিল গছৰ ডাল - Mass Death of Birds in Lakhimpur

ABOUT THE AUTHOR

...view details