অসম

assam

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 10:51 PM IST

ETV Bharat / videos

ৰাণা গোস্বামীয়ে বিজেপিত যোগদান কৰিলে বিজেপিৰ লাভ হ’ব: ৰামেশ্বৰ তেলী

ডিব্ৰুগড়, 28 ফেব্ৰুৱাৰী : লোকসভা নিৰ্বাচনক লৈ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে শাসক-বিৰোধী সকলো ৰাজনৈতিক দলৰ । বিজেপিৰ বিৰুদ্ধে ৰাজ্যত গঠন হোৱা বিৰোধী ঐক্যত অন্তৰ্ভুক্ত দলসমূহেও সমষ্টিয়ে সমষ্টিয়ে সাংগঠনিক কাম কাজ কৰাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে । ৰাজ্যত অধিক শক্তিশালী ৰূপত থকা শাসক দল বিজেপিয়ে ১২টা লোকসভাত আসন লাভ কৰাৰ দাবী উত্থাপন কৰি সমষ্টিয়ে সমষ্টিয়ে দলীয় সভা, যোগদান কাৰ্যসূচী কৰিছে ।

ইয়াৰ সমান্তৰালভাৱে বিৰোধী ঐক্যত চামিল হোৱা আপ, অসম জাতীয় পৰিষদে প্ৰাৰ্থিত্ব দিব খোজা কেইবাটাও সমষ্টিত চলাইছে ৰাজনৈতিক কুচকাৱাজ । ইয়াৰ মাজতে লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত এটাৰ পাচত আন এটা মোক্ষম আঘাত । কংগ্ৰেছ এৰিছে এজনৰ পাচত আন এজন কংগ্ৰেছ নেতাই । বুধবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছ এৰিলে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ।

উজনিৰ অতি শক্তিশালী কংগ্ৰেছ নেতাজনে দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰিব বুলি খবৰ ওলাইছিল । ইয়াৰ পাচতে টিংখাঙত ৰাণা গোস্বামীৰ বিজেপিত যোগদান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । প্ৰাক্তন কংগ্ৰেছ নেতাজনৰ লগত ভাল সম্পৰ্ক থকা বুলি উল্লেখ কৰি ৰামেশ্বৰ তেলীয়ে কয়, ‘তেওঁ এজন অভিজ্ঞ ৰাজনৈতিক ব্যক্তি । তেওঁৰ বিজেপিত যোগদান কৰিলে বিজেপি দলৰ লাভ হ’ব ।’

লগতে পঢ়ক : দিল্লীত গেৰুৱা বসন পিন্ধিবলৈ সাজু ৰাণা গোস্বামী; যোৰহাটত মিশ্ৰিত প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details