অসম

assam

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 11:55 AM IST

ETV Bharat / videos

কন্যাই অভিনয় কৰা 'ৱাইড এংগল' উপভোগ কৰি উৎফুল্লিত মন্ত্ৰী যোগেন মহন - assamese cinema wide angle

মৰাণ, ২৩ মাৰ্চ : অসম আন্দোলনৰ পটভূমিত নিৰ্মিত অসমীয়া ছবি 'ৱাইড এংগল' শুকুৰবাৰে ছবি গৃহত মুক্তি লাভ কৰে । মুক্তিৰ পূৰ্বে ব্যাপক চৰ্চা লাভ কৰা ছবিখনৰ মুক্তিৰ দিনাই ছবি গৃহত দৰ্শকে ভিৰ কৰে । অসম আন্দোলনৰ পটভূমিত এগৰাকী ফটো সাংবাদিকৰ সংগ্ৰামৰ কাহিনীৰে নিৰ্মাণ কৰা নতুন অসমীয়া ছবি 'ৱাইড এংগল' চাবলৈ প্ৰথম দিনাই মৰাণৰ একমাত্ৰ ছবিগৃহ হাউছফুল ট'কিজলৈ আহিল মন্ত্ৰী যোগেন মহন ।

নিজ কন্যাই অভিনয় কৰা নতুন অসমীয়া ছবিখন উপভোগ কৰি উৎফুল্লিত মন্ত্ৰী যোগেন মহন । লোকসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠা সময়তেই মৰাণত দলীয় কৰ্মী, পৰিয়ালৰ সৈতে চিনেমা উপভোগ কৰিলে মন্ত্ৰীগৰাকীয়ে । ড৹ নগেন শইকীয়াৰ গল্পৰ আধাৰত নিৰ্মাণ কৰা ছবিখন পৰিচালনা কৰিছে জয়ন্ত নাথে ।

সাহসী ফটো সাংবাদিকৰ ৰূপত অভিনয় কৰা জনপ্ৰিয় অভিনেতা তপন দাসৰ বলিষ্ঠ অভিনয়ে সকলোকে আপ্লুত কৰিছে । এই 'ৱাইড এংগল'ত অভিনয় কৰিছে মন্ত্ৰী যোগেন মহনৰ কন্যা ধ্যানী মহনে । কোনো ধৰণৰ অভিনয়ৰ প্ৰশিক্ষণ নোহোৱাকৈ জ্যেষ্ঠ শিল্পীসকলৰ সৈতে অভিনয় কৰাৰ সুযোগ লাভ কৰা কন্যা ধ্যানী মহনৰ অভিনয় চাই আনন্দিত বুলি মন্তব্য কৰে মন্ত্ৰী যোগেন মহনে ৷

লগতে এই ছবিখন অসমৰ ৰাইজৰ মাজত সমাদৃত হ'ব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : 'ৱাইড এংগল' ত ফটো সাংবাদিকৰ ৰূপত তপন দাস - New Assamese film

ABOUT THE AUTHOR

...view details