চেৰেকাপাৰ প্ৰাথমিক বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰিলে মানস ৰবীনে - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024
Published : Apr 19, 2024, 5:40 PM IST
শিৱসাগৰ,১৯ এপ্ৰিল: সম্পন্ন হ'ল লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । হিলদল ভাঙি ভোটাধিকাৰ সাব্য়স্ত কৰিবলৈ ওলাই আহিল ৰাইজ । দেশৰ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণত ভোটাৰ ৰাইজৰ পাৰভঙা উৎসাহ । ১৪ নং যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰ বিধানসভা সমষ্টিৰ চেৰেকাপাৰ প্ৰাথমিক বিদ্যালয়ত দেখা গ'ল ৰাইজৰ ব্যাপক ভিৰ ।
প্ৰায় দুহাজাৰৰো অধিক ভোট থকা এই ভোটকেন্দ্ৰত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীনে সাব্যস্ত কৰে ভোটাধিকাৰ । ভোটদান কৰি শিল্পীগৰাকীয়ে কয়- "ৰাইজ এদিনৰ বাবে ৰজা । সেয়েহে ৰজাৰ দৰে আহক আৰু নিজৰ ভোটাধিকাৰ সাৱস্ত কৰি আৰু নিজৰ সমস্যা, অসুবিধা আদি ৰজাঘৰক জনাই দিয়ক ।" লগতে সদ্যমুক্তিপ্ৰাপ্ত মানস ৰবীন এটি জনপ্ৰিয় গীত 'যুঁজ' ৰ প্ৰসংগতো মন্তব্য প্ৰকাশ কৰে শিল্পীগৰাকীয়ে । তেওঁ কয় যে জনসাধাৰণৰ বাটকটীয়া হিচাপে, জনতাৰ দুখ, ক্ষোভ আদি ৰজাঘৰীয়াৰ দৃষ্টিগোচৰ কৰাৰ প্ৰয়াস কৰি এই গীতটি মুকলি কৰিছিল আৰু গীতটি আদৰি লোৱা বাবে ৰাইজক ধন্যবাদ জনাই মানস ৰবীনে ।
লগতে পঢ়ক: বাৰ্ধক্য-পক্ষাঘাত নেওচি গণতন্ত্ৰৰ মহোৎসৱত অংশগ্ৰহণ - Lok Sabha Election 2024