অসম

assam

ETV Bharat / videos

স্মাৰ্ট মিটাৰৰ নামত সাধাৰণ জনতাক মাধমাৰ বিদ্যুৎ বিভাগৰ - Poor Electricity Service

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 10:04 PM IST

কলিয়াবৰ, ৩ জুন: স্মাৰ্ট মিটাৰে বাৰুকৈয়ে জলা-কলা খুৱাইছে ৰাইজক । স্মাৰ্ট মিটাৰ সংযোগ কৰাৰ পাচত কিমান ইউনিট কাৰেণ্ট খৰচ কৰিছে তাৰ কোনো হিচাপ নাপায় গ্ৰাহকে ৷ মাথোঁ কিমান টকা বিল দিব লাগে তাৰহে হিচাপ দিয়ে বিদ্যুৎ বিভাগে । এই অভিযোগ বিদ্যুৎ গ্ৰাহকৰ । 

এফালে বিদ্যুতৰ বিলৰ বোজা, আনফালে ভল্টেজৰ অভাৱত নাপায় উপযুক্ত পোহৰ, নুঘূৰে ফেন, পানী পাম্পো অচল । নিম্ন ভল্টেজৰ অভিযোগ থকা কলিয়াবৰৰ কেইবাটাও স্থানত নতুনকৈ ট্ৰেঞ্চফৰ্মাৰ সংস্থাপনৰ বাবে গুৱাহাটীৰ এক ঠিকাদাৰী প্ৰতিষ্ঠানক ঠিকা দিয়া হৈছিল যদিও প্ৰতিষ্ঠানটোৱে যোৱা এটা বছৰে চকুত লগাকৈ কোনো কাম নকৰাৰ অভিযোগ উঠিছে । ইফালে ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ নিৰ্দ্ধাৰিত দুটা বছৰৰ সময়সীমা অহা ২০২৫ চনৰ মাৰ্চ মাহত অতিক্ৰম কৰিব বুলি বিভাগীয় সূত্ৰই জনাইছে ৷ কিন্তু ভবা ধৰণে বিদ্যুৎ যোগানৰ বাবে কৰিবলগীয়া কামৰ বিশেষ অগ্ৰগতি স্থানীয় ৰাইজৰ চকুত পৰা নাই ।

আনহাতে, এচাম অসৎ গ্ৰাহকে ঘৰুৱা বিদ্যুৎ ব্যৱহাৰৰ সঠিক হিচাপ নিদিয়াৰ ফলতো ট্ৰেঞ্চফৰ্মাৰৰ ভৰ ক্ষমতাতকৈ অধিক বিদ্যুৎ যোগান ধৰিব লগা হোৱা ভল্টেজ নিম্নমানৰ হৈছে বুলি এটা পক্ষই অভিযোগ তুলিছে যদিও বিদ্যুৎ বিভাগ এইক্ষেত্ৰত নিমাত । তাৰ বিপৰীতে কিছু গ্ৰাহকক অযথা হাৰাশাস্তি কৰাৰ বিপৰীতে ফাঁকি দি কম ক্ষমতাসম্পন্ন মিটাৰ ব্যৱহাৰ কৰি অধিক হাৰত বিদ্যুৎ ব্যৱহাৰ কৰা এচাম অসৎ গ্ৰাহকৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰে বুলিও অভিযোগ তুলিছে এটা পক্ষই ।

লগতে পঢ়ক: বিদ্যুৎ যোগান নথকাকৈয়েই কাটিছে মাচুল: ক্ষোভিত সোণাৰিৰ উপভোক্তা - Charaideo Electrical Sub Division

লগতে পঢ়ক: Protest against electricity bills:মৰিয়নিত প্ৰি প্ৰেইড স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ

লগতে পঢ়ক: Protest against electricity bills:তেজপুৰত প্ৰি প্ৰেইড স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে গণ স্বাক্ষৰ অভিযান

ABOUT THE AUTHOR

...view details